NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল সুনীল গগৈৰ ক’ৰ’নাত মৃত্যু

September 25, 2020 4:34 pm · মানস প্ৰতীম গগৈ

ক’ৰ’না মহামাৰীৰ ফলত প্ৰতিদিনে বিভিন্ন গৰাকী লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী (লাট মণ্ডল) তথা তিনিচুকীয়া বৰদলৈ নগৰৰ নিবাসী সুনীল গগৈ নামৰ লোক জন কভিড-১৯ আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা ৯ বজাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিটেলত কৰুণভাবে মৃত্যুক আকোৱালি লয়।

চাকৰী জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ মাত্ৰ চাৰি বছৰ থকা প্ৰয়াত গগৈয়ে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত লাট মণ্ডল হিচাবে কৰ্তব্য সম্পাদন কৰিছিল।

বিগত কেইবাদিন ধৰি কভিড আক্ৰান্ত গগৈয়ে ডিব্ৰুগড় মেডিকেলত কলেজ হাস্পিটেলত ভৰ্তি হৈ থকাৰ পিছত কালি নিশা ৯ বজাত মেডিকেলতে শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰয়াত গগৈয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান ইহসংসাৰত এৰি থৈ যায়।

আনহাতে, আজি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সতীৰ্থ কৰ্মচাৰী সকলে প্ৰয়াত গগৈৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Related News