NORTHEAST NOW (Assamese)
Popular Stories

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2025 7:15 pm

বলীউডৰ অভিনেতা গোবিন্দা আৰু তেওঁৰ পত্নী সুনীতা আহুজাই তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা বুলি চলি থকা খবৰক নস্যাৎ কৰিছে। শেহতীয়াকৈ সুনীতাই বিবাহ বিচ্ছেদৰ বাবে আবেদন জনোৱা বুলি বাতৰি প্ৰকাশ পাইছিল যদিও বুধবাৰে মুম্বাইৰ ঘৰত একেলগে গণেশ চতুৰ্থী উদযাপন কৰি দম্পতীহালে এক ৰাজহুৱা বক্তব্য প্ৰদান কৰে।

সংবাদ মাধ্যমক সম্বোধন কৰি সুনীতাই জল্পনা-কল্পনা বাতিল কৰি কয়, “আজ ইতনা ক্ল, ক্লজ… আগৰ কুচ হোতা তোহ হুম ইতনে নজদীক হোতে? কৈয়ী হুম দ’নো কো অলগ নাহি কৰ ছকতা হায়। এক ছবি থা না ‘মেৰা পতি ছিৰফ মেৰা হায়, ৱাইচে হি মেৰা গোবিন্দা ছিৰফ মেৰা হি হায় আৰু কিছি কা নাই হায়।

ইয়াৰ পূৰ্বে গোবিন্দৰ মেনেজাৰ শশী সিনহাইও বিবাহ বিচ্ছেদৰ খবৰক বিভ্ৰান্তিকৰ বুলি অভিহিত কৰি নস্যাৎ কৰিছিল।

আনহাতে, গোবিন্দৰ অধিবক্তাই ইয়াৰ পূৰ্বে ইণ্ডিয়া টুডেৰ আগত স্বীকাৰ কৰিছিল যে সুনীতাই ছমাহ পূৰ্বে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। অৱশ্যে পিছত কথাবোৰ সমাধান হোৱা বুলিও তেওঁ কয়।