NORTHEAST NOW (Assamese)

শেষ মুহূৰ্তত ভ্ৰমণ বাতিল হ’ল সুনীতা উইলিয়ামছৰ : সপোন হৈ ৰ’ল তৃতীয়বাৰৰ মহাকাশ ভ্ৰমণ

May 11, 2024 2:18 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

তৃতীয় মহাকাশ ভ্ৰমণ বাতিল হৈছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ । নাছাৰ তথ্য অনুসৰি কাৰিকৰী বিজুতিৰ বাবে এই অভিযান বাতিল কৰা হৈছে যদিও ১০ মে’ত পুনৰ এই যাত্ৰাৰ বাবে চেষ্টা চলোৱা হ’ব।

নতুন মহাকাশযান বয়িং ষ্টাৰলাইনাৰেৰে ৭ মে’ৰ পুৱা ৮:০৪ বজাত মহাকাশলৈ উৰা মৰাৰ কথা আছিল সুনীতা উইলিয়ামছ। এই অভিযানত তেওঁৰ সহযোগী আছিল বুচ উইলম’ৰ।

উল্লেখ্য যে ফ্ল’ৰিডাৰ কেপ কানাভেৰেল মহাকাশ বাহিনী ষ্টেচনৰ পৰা এই যান উৎক্ষেপণ কৰিবলৈ লোৱা হৈছিল। কিন্তু শেষ মুহূৰ্তৰ কাৰিকৰী ত্ৰুটিৰ বাবে এই অভিযান বন্ধ হৈ পৰে।

নাছাৰ এক বিবৃতি অনুসৰি বিমান যাত্ৰাৰ মাত্ৰ ৯০ মিনিট পূৰ্বে সংঘটিত হয় এই দুৰ্ঘটনা। মহাকাশযানখনৰ অক্সিজেন ৰিলিফ ভালভত এটা সমস্যাৰ সৃষ্টি হয়।

উল্লেখ্য যে বিজুতিৰ সময়ত মহাকাশযানখন উৰণৰ দ্বিতীয় পৰ্যায়ত আছিল। অৱশ্যে সুনীতা আৰু বেৰীক কাৰিকৰী দলে মহাকাশযানৰ পৰা নিৰাপদে উলিয়াই আনে।

উল্লেখ্য যে ৫৯ বছৰীয়া সুনীতাই ইয়াৰ পূৰ্বে দুবাৰকৈ মহাকাশলৈ গৈছে – ২০০৬ চনত আৰু আনটো ২০১২ চনত।

নাছাৰ তথ্য অনুসৰি সুনীতাই এই পৰ্যন্ত মহাকাশত মুঠ ৩২২ দিন অতিবাহিত কৰিছে।

সুনীতা উইলিয়ামছৰ পিতৃ দীপক পাণ্ডে আছিল এজন নিউৰ’এনাটমিষ্ট। তেওএ গুজৰাটৰ মেহছানা জিলাৰ ঝুলাছানত জন্মগ্ৰহণ কৰিছিল। কিন্তু পিছলৈ তেওঁ আমেৰিকালৈ গুচি যায় আৰু বনি পাণ্ডেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

Related News