NORTHEAST NOW (Assamese)

কৃষক বিদ্ৰোহ সম্পৰ্কে মাত মাতি ৱাই কেটেগৰী নিৰাপত্তা লাভ চানী দেউলৰ : কি কৈছিল সাংসদগৰাকীয়ে?

December 16, 2020 3:59 pm · এন ই নাও নিউজ

বলিউদৰ অভিনেতা তথা বিজেপিৰ লোকসভাৰ সাংসদ চানী দেউলক প্ৰদান কৰা হৈছে ৱাই কেটেগৰী নিৰাপত্তা।

দিল্লী কৃষক বিদ্ৰোহ সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰাৰ পিছতে অভিনেতা তথা গুৰদাসপুৰৰ বিজেপি সাংসদগৰাকীলৈ ৱাই কেটেগৰী নিৰাপত্তা প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ বিভাগে।

এতিয়াৰ পৰা ৬৪ বৰ্ষীয় চানী দেউলে লাভ কৰিব দুজন কামাণ্ডো আৰু আৰক্ষী বিষয়াসহ ১১ গৰাকী নিৰাপত্তাৰক্ষী।

উল্লেখ্যে যে যোৱা ২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্ত অঞ্চলত দেশৰ হাজাৰ হাজাৰ কৃষকে অব্যাহত ৰখা আন্দোলনৰ সম্পৰ্কে বিজেপি সাংসদ গৰাকীয়ে কোনো মন্তব্য প্ৰকাশ নকৰাৰ বাবে সমালোচিত হৈছিল।

ইয়াৰ পিছতে শাসকীয় সাংসদ গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত টুইট কৰি কৃষক বিদ্ৰোহ সম্পৰ্কে এক বিতৰ্কিত মন্তব্য কৰে।

মন্তব্য কৰাৰ পিছতে অভিনেতা তথা সাংসদগৰাকী তীব্ৰ সমালোচনাৰ সন্মুখীন হয়।

সাংসদগৰাকীয়ে কৈছিল “বহু লোকে সমস্যা সৃষ্টিৰে সুযোগ গ্ৰহণৰ অপচেষ্টাহে কৰি আছে। তেওঁলোক কৃষকৰ বাবে একো নাভাবে। তেওঁলোকৰ নিজা নিজা এজেণ্ডা আছে। মই মোৰ দলৰ সৈতে আছো আৰু কৃষকসকল সদায়ে কৃষক হৈ থাকিব।…”

Related News