NORTHEAST NOW (Assamese)

অসমত এন আৰ চি প্ৰক্ৰিয়া চূড়ান্ত কৰাত ছবছৰ পলম: স্পষ্টীকৰণ বিচাৰিছে উচ্চতম ন্যায়ালয়ে

November 10, 2025 9:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 10, 2025 9:18 pm

অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) সন্দৰ্ভত চলি থকা বিভ্ৰান্তিৰ সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি সোমবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ববীয়ালৈ  জাননী জাৰি কৰিছে। ন্যায়াধীশ পি. এছ. নৰসিংহ আৰু ন্যায়াধীশ এ. এছ. চন্দুৰকাৰৰ বিচাৰপীঠে ২০১৯ চনৰ আগষ্ট মাহত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ ছবছৰৰ পাছতো কিয় কোনো অগ্ৰগতি হোৱা নাই, সেই সন্দৰ্ভত উত্তৰ বিচাৰিছে।

ন্যায়ালয়ে জমিয়ত উলেমা-ই-হিন্দ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)-ৰ সুকীয়া ৰিট আবেদনৰ ভিত্তিত এই জাননী জাৰি কৰিছে। এই আবেদনত কেন্দ্ৰীয় চৰকাৰ আৰু নাগৰিক পঞ্জীয়নৰ মহাপঞ্জীয়কক নাগৰিকত্ব (নাগৰিক পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান) নিয়ম, ২০০৩ৰ অধীনত এনআৰচি প্ৰকাশৰ পাছ বাধ্যতামূলক প্ৰক্ৰিয়াসমূহ ক্ষিপ্ৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল।

অধিবক্তা ফুজাইল আহমেদ আয়ুবিৰ সৈতে আবেদনকাৰীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু ইন্দিৰা জয়ছিঙে এন আৰ চি প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে উল্লেখ কৰে যে কেন্দ্ৰই এতিয়ালৈকে চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত ৩ কোটি ১১ লাখ ব্যক্তিক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰা নাই। লগতে, তালিকাৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোকক প্ৰত্যাখ্যান পত্ৰও প্ৰদান কৰা হোৱা নাই, যাৰ ফলত তেওঁলোকে বিদেশী ন্যায়াধিকৰণত আবেদন কৰিব পৰা নাই।

আবেদনসমূহত উল্লেখ কৰা হৈছে যে, “ কেৱল যথাযথ প্ৰক্ৰিয়াৰ সাংবিধানিক প্ৰতিশ্ৰুতিক অৱজ্ঞা কৰাই নহয়, অবৈধ অনুপ্ৰৱেশৰ সৈতে জড়িত উদ্বেগসমূহৰ বৈজ্ঞানিক সমাধান প্ৰদানৰ উদ্দেশ্যেৰে কৰা প্ৰক্ৰিয়াত বিনিয়োগ কৰা ১,৬০০ কোটি টকাৰ ৰাজহুৱা ধনৰ অপচয়ো কৰে।” ইয়াৰ উপৰি আবেদনসমূহত গুৰুত্ব আৰোপ কৰা হৈছে যে এন আৰ চি সম্পূৰ্ণ কৰিলেহে অসমে সঁচা অৰ্থত নিজৰ জনগাঁথনিগত অখণ্ডতা ৰক্ষা কৰিব পাৰিব আৰু লগতে সকলো বাসিন্দাৰ বাবে সমতা বজাই ৰাখিব পাৰিব।

এন আৰ চি প্ৰক্ৰিয়া চূড়ান্ত কৰাত ছবছৰ পলম হোৱাৰ কাৰণসমূহ সম্বোধন কৰি বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ, লোকপিয়ল আয়ুক্ত, অসম চৰকাৰ, আৰু ৰাজ্যিক এন আৰ চিৰ সমন্বয়কক শপতনাম (Affidavit) দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Related News