NORTHEAST NOW (Assamese)

জেলতে থাকিব ছিছ’দিয়া; ৩৩৮ কোটি টকাৰ লেনদেনৰ কথা উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ে

October 30, 2023 2:30 pm · এন ই নিউজ, গুৱাহাটী
দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া। ফাইল ফটোঃ সংগ্ৰহীত।

দিল্লীৰ প্রাক্তন উপ মুখ্যমন্ত্রী মনীষ চিছ’দিয়াৰ জামিন আৱেদন আকৌ এবাৰ নাকচ কৰা হ’ল৷ আম আদমি পাৰ্টিৰ নেতাগৰাকী আবকাৰী দুৰ্নীতিৰ গোচৰত বিগত ৭ মাহ ধৰি কাৰাগাৰত বন্দী হৈ আছে। জামিনৰ বাবে বাৰে বাৰে আবেদন কৰিও কোনো লাভ হোৱা নাই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত দুৰ্নীতিৰ অভিযোগত ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান তেওঁ জেলতে আছে।

জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ছিছ’ডিয়াই। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ এছ ভি এন ভট্টীৰ বিচাৰপীঠে সোমবাৰে উচ্চতম ন্যায়ালয়ত জামিন আবেদন খাৰিজ কৰে। অৱশ্যে গোচৰটো শীঘ্ৰে নিষ্পত্তি কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়া হৈছে।

সোমবাৰে উচ্চতম ন্যায়ালয়ে আগন্তুক ৬ৰ পৰা ৮ মাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতৰ পৰ্যবেক্ষণ যে যদি তদন্তৰ গতি লেহেমীয়া হয়, তেন্তে মনীষ চিছ’দিয়াই পিছত পুনৰ জামিনৰ বাবে আবেদন কৰিব পাৰিব।

লগতে পঢ়কঃ গাজাত ইজৰাইলৰ আক্ৰমণক সমৰ্থন কৰা বাবে ভাৰতীয় নাৰ্ছক বহিষ্কাৰ কৰিলে কুৱেইটে

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ইডিক জনাইছিল যে ছিছ’ডিয়াৰ বিৰুদ্ধে আৰ্থিক অপব্যৱহাৰৰ অভিযোগ প্ৰমাণ কৰাটো কঠিন হ’ব। কেৱল উৎকোচ লোৱা হৈছে বুলি ধৰি লৈ গোচৰ উত্থাপন কৰোৱাটো সম্ভৱ নহয়।

জামিনৰ আবেদন নাকচ কৰি উচ্চতম আদালতে পৰ্যবেক্ষণ কৰে যে, “বহু আইনী প্ৰশ্নৰ উত্তৰ নোহোৱাকৈয়ে আছে। ইয়াৰ উপৰিও ৩৩৮ কোটি টকাৰ লেনদেনৰ বিষয়টো প্ৰায় প্ৰমাণিত হৈছে।”

ছিছ’ডিয়াৰ বিৰুদ্ধে মূলতঃ আবকাৰী নীতিত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। আৰু সেই অভিযোগে দিল্লীৰ শাসকীয় দলটোক থৰক-বৰক কৰি তুলিছিল। দিল্লীত আপ চৰকাৰে প্ৰৱৰ্তন কৰা আবকাৰী নীতিত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। আৰু সেই নীতিৰ বাবেই চিছ’ডিয়াৰ বিৰুদ্ধে আৰ্থিক সুবিধা পোৱাৰ অভিযোগ উঠিছিল। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ইডি আৰু চিবিআই দুয়োটাই তেওঁক জিম্মাত লৈছিল।

লগতে পঢ়কঃ প্ৰাক্তন মন্ত্ৰী, বৰ্ষীয়ান কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ দেহাৱসান

উচ্চতম ন্যায়ালয়ৰ আগতে উচ্চ ন্যায়ালয়েও নাকচ কৰে প্ৰাক্তন মন্ত্ৰী ছিছ’ডিয়াৰ জামিন আবেদন। আদালতে উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অতি গুৰুত্বপূৰ্ণ। তদুপৰি যোৱা মে’ মাহত উচ্চতম ন্যায়ালয়তো এই আবেদন নাকচ কৰা হৈছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে, উপ-মুখ্যমন্ত্ৰী হিচাপে তেওঁ যথেষ্ট উচ্চ পদস্থ, সেয়ে প্ৰয়োজন হ’লে সাক্ষীক প্ৰভাৱিত কৰিব পাৰে।

Related News