NORTHEAST NOW (Assamese)

নিৰ্বাচনী আচৰণ বিধি ভংগ : ৬ মে’ৰ পাছত থমকি ৰ’ব নেকি মোদী-শ্বাহৰ হাই ভল্টেজ প্ৰচাৰ

May 3, 2019 12:50 pm · এন ই নাও নিউজ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ফাইল ফটো।

প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে কংগ্ৰেছে দাখিল কৰা নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ১১ টা অভিযোগৰ ভিতৰত বাকী থকা ৯ টা অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগক সিদ্ধান্ত লোৱাৰ বাবে বৃহস্পতিবাৰে নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

শিলচৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুস্মিতা দেৱে মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ বাবে অভিযোগ দাখিল কৰিছিল। কংগ্ৰেছৰ জেষ্ঠ অধিবক্তা অভিষেক মানু সিংভিয়ে কয় যে নিৰ্বাচনী আয়োগে এঘাৰটা অভিযোগৰ ভিতৰত মাত্ৰ দুটা অভিযোগ সন্দৰ্ভতহে সিদ্ধান্ত গ্ৰহণ কৰিছে।

নিৰ্বাচনী আয়োগে অলপতে ভাৰতৰ প্ৰধান মন্ত্ৰীক দুটা অভিযোগ সন্দৰ্ভত ক্লীন শ্বিট প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰীয়ে বিগত মাহত লাথুৰত যুৱ ভোটাৰ সকলক বালাকোট এয়াৰ ষ্ট্ৰাইক আৰু পুলুৱামাত শ্বহীদ হোৱা বীৰ জোৱান সকলৰ নামত ভোট দিবলৈ আহ্বান জনোৱা ভাষণত কোনোধৰণৰ নিৰ্বাচনী আচৰণ বিধি উলংঘা হোৱা নাই বুলি আয়োগে উল্লেখ কৰে।

তদুপৰি, নিৰ্বাচন আয়োগে মোদীয়ে ‘ৱাৰ্ধা’ত দিয়া ভাষণত ৰাহুল গান্ধীয়ে কেৰেলাৰ সংখ্যালঘু প্ৰধান ‘ৱায়ানাড’ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈছে বুলি উল্লেখ কৰা প্ৰসংগতো কোনোধৰণৰ নিৰ্বাচনী আচৰণ বিধি উলংঘা হোৱা নাই বুলি কয়।

নিৰ্বাচনী আয়োগে মোদী আৰু শ্বাহৰ বিৰুদ্ধে কংগ্ৰেছে অনা অভিযোগৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰা কাৰ্য্যই নিৰ্বাচনী ব্যৱস্থাক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বুলি সুস্মিতা দেৱে অভিযোগ কৰে।

আনহাতে, কংগ্ৰেছৰ অভিযোগ স্বত্বেও বিজেপি নেতাসকলে বিগত চাৰি সপ্তাহ ধৰি নিৰ্বাচন আচৰণ বিধি ভংগ কৰাৰ পাছতো নিৰ্বাচন আয়োগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি ক্ষোভ ব্যক্ত কৰে দলটোৱে।

ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰে গঠিত বিচাৰপীঠে ৬ মে’ত বাকী থকা ৯ টা অভিযোগ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব।

Related News