NORTHEAST NOW (Assamese)

কমেডিয়ান সময় ৰাইনা আৰু আন চাৰিজনক ৩ লাখ টকাকৈ জৰিমনা উচ্চতম ন্যায়ালয়ৰ

July 14, 2026 5:47 pm · এন ই নাও নিউজ, গুৱাহাটী

উচ্চতম ন্যায়ালয়ে মঙলবাৰে জনপ্ৰিয় কমেডিয়ান সময় ৰাইনাৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। আদালতে কয় যে সময় ৰাইনাই মিছা কথা কৈ আৰু আদালতক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি আদালতক আভুৱা-ভাৰিলে। এই সন্দৰ্ভত আদালতে সময় ৰাইনাৰ লগতে আন চাৰিজন কমেডিয়ান ক্ৰমে বিপুল গোৱেল, বলৰাজ ঘাই, সোণালী ঠাক্কৰ আৰু নিশান্ত তানৱাৰক ৩ লাখ টকাকৈ জৰিমনা বিহিছে। অহা দুসপ্তাহৰ ভিতৰত তেওঁলোকক এই ধন জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সময়মতে নিদিলে এই জৰিমনা আৰু অধিক বৃদ্ধি কৰা হ’ব বুলি সকীয়াই দিছে।

শুনানিৰ সময়ত আদালতৰ সহায়ক অপৰাজিতা সিঙে সময় ৰাইনাৰ ৰাজহুৱা প্ৰতিচ্ছবিক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁ আদালতক জনায় যে সময় ৰাইনাই বিভিন্ন অনুষ্ঠান কৰি আছে যদিও আদালতৰ নিৰ্দেশ অনুসৰি এছএমএ ফাউণ্ডেচন বা এই ৰোগত আক্ৰান্ত লোকসকলৰ সৈতে কোনো যোগাযোগ কৰা নাই। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তেও সময় ৰাইনাই দাখিল কৰা উত্তৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আৰু ইমান দিনৰ পাছত কিয় এনে উত্তৰ দিয়া হৈছে বুলি প্ৰশ্ন কৰে।

ইউটিউবত প্ৰচাৰিত হোৱা ইণ্ডিয়াছ গট লেটেণ্ট নামৰ অনুষ্ঠানটোৰ প্ৰথম ছিজনত দৃষ্টিহীন আৰু স্পাইনেল মাস্কুলাৰ এট্ৰফি চমুকৈ এছএমএ ৰোগত আক্ৰান্ত শিশুক লৈ কৰা আপত্তিজনক মন্তব্যৰ পাছতে এই বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ বিৰুদ্ধে কেইবাজনেও উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ জে ভি মোহনাৰ বিচাৰপীঠে পাঁচজন কমেডিয়ানক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ নিৰ্দেশ দিছে। লগতে এছএমএ ৰোগত আক্ৰান্ত শিশুসকলৰ চিকিৎসাৰ বাবে ধন সংগ্ৰহ কৰিবলৈ প্ৰতি মাহে দুটাকৈ বিশেষ কমেডি শ্ব’ আয়োজন কৰিবলৈকো নিৰ্দেশ দিছে।

আদালতে সকীয়াই দিছে যে যদি তেওঁলোকে এই নিৰ্দেশ পালন নকৰে, তেন্তে জৰিমনাৰ পৰিমাণ ৩ লাখৰ পৰা ৩০ লাখ টকালৈ বৃদ্ধি কৰা হ’ব পাৰে। এই বিতৰ্কটো আৰম্ভ হৈছিল ২০২৫ চনত ইউটিউবত প্ৰচাৰ হোৱা দুটা খণ্ডৰ পাছত, য’ত শাৰীৰিকভাৱে প্ৰত্যাহ্বান জনোৱা লোকসকলক লৈ ধেমালি কৰা হৈছিল। ইয়াৰ পাছতে সমগ্ৰ দেশতে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল আৰু আদালতে কমেডিয়ানসকলক চমন জাৰি কৰিছিল। মুখ্য ন্যায়াধীশে ভৱিষ্যতে এনেধৰণৰ উপলুঙা বন্ধ কৰিবলৈ এক বিশেষ আইন প্ৰণয়ন কৰাৰ বিষয়েও চৰকাৰৰ সৈতে আলোচনা কৰে। যদিও ২০২৫ চনৰ অক্টোবৰ মাহত কমেডিয়ানসকলে এক যুটীয়া বিবৃতি যোগে নিজৰ ভুলৰ বাবে দুখ প্ৰকাশ কৰিছিল, তথাপিও তেওঁলোকৰ পৰৱৰ্তী কাৰ্যকলাপত আদালতে সন্তুষ্ট নহৈ এই কঠোৰ শাস্তি প্ৰদান কৰে।

 

Related News