NORTHEAST NOW (Assamese)

আন এক নিদৰ্শন দাঙি ধৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে: ইতিহাসত তৃতীয়বাৰৰ বাবে উচ্চতম ন্যায়ালয়ত সৰ্বমহিলা ন্যায়াধীশৰ বিচাৰপীঠ

December 1, 2022 11:24 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 1, 2022 11:26 am

দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ডি ৱাই চন্দ্ৰচুড়ৰ ওপৰত দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা বৃদ্ধি পাইছে। দেশৰ ন্যায় ব্যৱস্থাক স্ব-নিয়ন্ত্ৰিত মুক্ত কৰি ৰখাৰ গুৰুদায়িত্ব পালনত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কোনো হেলা নকৰিব বুলি আশা কৰিছে জনসাধাৰণে।

জনসাধাৰণৰ এই আশা-আকাংক্ষাক ৰূপায়িত কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ কিছু বিশেষ পদক্ষেপেৰে আস্থা জয় কৰিবলৈ সক্ষম হৈছে চন্দ্ৰচুড়। মুখ্য ন্যায়াধীশ গৰাকীয়ে বুধবাৰে আন এক সিদ্ধান্তৰে ন্যায় ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত এক নিদৰ্শন দাঙি ধৰিছে।

বুধবাৰে ন্যায়াধীশ হিমা কোহলী আৰু বেলা এম ত্ৰিবেদীক লৈ দুগৰাকী মহিলা ন্যায়াধীশৰ বিচাৰপীঠ গঠন কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। এইবাৰকে ধৰি উচ্চতম ন্যায়ালয়ৰ ইতিহাসত কেৱল তৃতীয়বাৰৰ বাবে এনেদৰে কেৱল মহিলা ন্যায়াধীশৰ বিচাৰপীঠ গঠন কৰা হৈছে।

ন্যায়াধীশ কোহলী আৰু ত্ৰিবেদীৰ বিচাৰপীঠে গোচৰৰ স্থানান্তৰৰ লগতে বৈবাহিক গোচৰৰ সৈতে জড়িত গোচৰৰ এক সামূহিক শুনানি গ্ৰহণ কৰিব। এই শুনানিত বৈবাহিক বিবাদৰ সৈতে জড়িত ১০ খন স্থানান্তৰকৰণৰ আবেদন আৰু তাৰ পিছত ১০টা জামিনৰ বিষয় অন্তৰ্ভুক্ত কৰা হ’ব।

ইতিপূৰ্বে ২০১৩ চনত শীৰ্ষ আদালতত কেৱল মহিলাৰ দ্বাৰা বিচাৰপীঠ গঠন কৰা হৈছিল। ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰ আৰু ৰঞ্জনা প্ৰকাশ দেশাইৰ বিচাৰপীঠে ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্বমহিলা বিচাৰপীঠৰ ৰূপত এক গোচৰৰ শুনানিৰ গ্ৰহণ কৰিছিল।

আনহাতে ২০১৮ চনত আৰ বানুমাথি আৰু ইন্দিৰা বেনাৰ্জীৰ দ্বাৰা গঠিত বিচাৰপীঠ উচ্চতম ন্যায়ালয়ৰ ইতিহাসত দ্বিতীয়খন সৰ্বমহিলা ন্যায়াধীশৰ বিচাৰপীঠ ৰূপে পৰিগণিত হৈছিল।

বৰ্তমান উচ্চতম ন্যায়ালয়ত মাত্ৰ তিনিগৰাকী মহিলা ন্যায়াধীশ আছে: ন্যায়াধীশ কোহলী, বি ভি নাগাৰ্থনা, আৰু বেলা এম ত্ৰিবেদী। স্মৰ্তব্য যে, ২০২৭ চনত ৩৬ দিনৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ বি ভি নাগৰ্থানা।all-woman judge bench in SC

Related News