NORTHEAST NOW (Assamese)

বেংক জালিয়াতিৰ গোচৰত অনিল আম্বানীক উচ্চতম ন্যায়ালয়ৰ জাননী, ইডি-চিবিআই-কো তলব

November 18, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী

বেংক জালিয়াতিৰ গোচৰত অধিক চাপ পৰিছে ৰিলায়েন্স কমিউনিকেচনৰ প্ৰাক্তন অধ্যক্ষ অনিল আম্বানী। এইবাৰ উচ্চতম ন্যায়ালয়ে অনিল আম্বানীলৈ জাননী প্ৰেৰণ কৰিছে। একে সময়তে ইডি, চিবিআই আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ কৰা হৈছে।

অনিলৰ বিৰুদ্ধে ১৭ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ। ইয়াৰে বিভিন্ন বেংকত ৩ হাজাৰ কোটি টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। ৰিলায়েন্স কমিউনিকেশ্যনৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আদালতৰ তত্বাৱধানত সকলো তদন্ত কৰিবলৈ দাবী জনাই উচ্চতম ন্যায়ালয়তো জনস্বাৰ্থ জড়িত গোচৰো ৰুজু কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন আমোলা ই এ এছ শৰ্মাই এই গোচৰ ৰুজু কৰিছে। এই গোচৰৰ তদন্ত একপক্ষীয় বুলি তেওঁ দাবী কৰে। কেৱল অনিলৰ তদন্ত চলি আছে। এই কেলেংকাৰীত যিসকল বেংকৰ কৰ্মচাৰীৰ কোনো দিশ থাকিব পাৰে, তেওঁলোকৰ তদন্ত কৰা হোৱা নাই।

সেই গোচৰত উচ্চতম ন্যায়ালয়ে অনিল আম্বানীক জাননী জাৰি কৰিছে। মঙলবাৰে যেতিয়া মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰানৰ বিচাৰপীঠৰ সন্মুখত এই গোচৰটো আহিছিল তেতিয়া আদালতে সকলো পক্ষলৈ জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল। ৩ সপ্তাহৰ পিছত পুনৰ শুনানি গ্ৰহণ কৰা হব গোচৰৰ। তাৰ আগতে সকলো পক্ষই এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব।

প্ৰসংগক্ৰমে ইতিমধ্যে অনিলৰ কোম্পানীয়ে নিজকে দেউলীয়া বুলি ঘোষণা কৰিছে। অনিলৰ বিৰুদ্ধে ১৭ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ আছে। আৰকমৰ প্ৰাক্তন মুৰব্বীগৰাকী কাৰ্যতঃ ডিঙিলৈকে ঋণত পৰিছে। তেওঁ নিজৰ সম্পত্তি বিক্ৰী কৰি ঋণদাতাৰ ঋণ পৰিশোধ কৰিবলৈও চেষ্টা কৰিছে। কিন্তু তাৰ পিছতো অনিলৰ সমস্যা কমি নাযায়। ইতিমধ্যে ষ্টেট বেংকে অনিল আম্বানীক ‘প্ৰৱঞ্চক বুলি অভিহিত কৰিছে। একেদৰে বেংক অৱ ইণ্ডিয়া আৰু বেংক অৱ বৰোদাইও আৰকমৰ প্ৰাক্তন মুৰব্বীজনক ‘প্ৰৱঞ্চক বুলি অভিহিত কৰিছে।

Related News