NORTHEAST NOW (Assamese)

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

August 14, 2025 1:37 pm · এন ই নাও নিউজ, গুৱাহাটী

দীৰ্ঘদিন ধৰি উচ্চতম ন্যায়ালয়ত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবী সন্দৰ্ভত কেইবাটাও গোচৰ চলি আছে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পূৰ্বে আশংকা কৰিছিল যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত উপত্যকাটোক পূৰ্ণাংগ ৰাজ্য পুনৰুদ্ধাৰৰ দাবীত বাধা হৈ পৰিব পাৰে। এই কথা যেন এতিয়া সত্যলৈ ৰূপান্তৰিত হৈছে। কিছুদিন আগলৈকে কাশ্মীৰৰ হেৰাই যোৱা মৰ্যাদা পুনৰ ঘূৰাই আনিবলৈ কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি থকা উচ্চতম ন্যায়ালয়ে এতিয়া সুৰ কোমল কৰি প্ৰকৃত পৰিস্থিতি অস্বীকাৰ কৰাৰ কোনো উপায় নাই বুলি মত প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ সংমণ্ডল বিচাৰপীঠে স্বীকাৰ কৰে যে পহলগাম আক্ৰমণৰ কাৰণে কাশ্মীৰৰ জনসাধাৰণৰ ‘ন্যায্যদাবী পিছুৱাই গৈছে। পূৰ্ণৰাজ্য পুনৰুদ্ধাৰৰ যুঁজখনে বিপৰ্যয়ৰ সন্মুখীন হৈছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে প্ৰকৃত পৰিস্থিতিক অস্বীকাৰ কৰাৰ কোনো উপায় নাই। উপত্যকাৰ সম্পূৰ্ণ ৰাজ্য কেতিয়া পুনৰ ঘূৰাই আনিব পৰা যাব সেই সন্দৰ্ভত ৮ সপ্তাহৰ ভিতৰত কেন্দ্ৰৰ পৰা শপতনামা বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

২০১৯ চনৰ ৫ আগষ্টত কাশ্মীৰৰ বিশেষ মৰ্যাদা হ্ৰাস কৰাৰ সমান্তৰালকৈ উপত্যকাৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা কাঢ়ি লোৱা হয়। জম্মু-কাশ্মীৰ আৰু লাডাখক একত্ৰিত কৰি দুটা পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়। ৩৭০ নং অনুচ্ছেদক লৈ যেনেকৈ কাশ্মীৰৰ জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে, সেইদৰে পূৰ্ণৰাজ্য হেৰুৱাৰ বাবেও ক্ষুব্ধ হৈ পৰিছে। বিজেপিয়েও এই ক্ষোভ দমন কৰিবলৈ চেষ্টা কৰিছে। নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খোদ উপত্যকালৈ গৈ কাশ্মীৰৰ সম্পূৰ্ণ ৰাজ্য পুনৰুদ্ধাৰ হব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি উচ্চতম ন্যায়ালয়ত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবীত বহু গোচৰ চলি আছে। উচ্চতম ন্যায়ালয়েও এই সন্দৰ্ভত কেন্দ্ৰৰ বাবে ২০২৩ বৰ্ষৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। আাৰু উপত্যকাটোৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা কেতিয়ালৈ ঘূৰাই আনিব পৰা যাব তাৰ সময়সীমা প্ৰদান কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।

Related News