NORTHEAST NOW (Assamese)

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

September 11, 2025 12:16 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধেয়ক গৃহীত কৰাৰ সময়সীমাৰে প্ৰশাসন আৰু ন্যায়পালিকাৰ মাজত মতানৈক্য বাঢ়িছে। বুধবাৰে এই বিষয়ত পুনৰ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হল কেন্দ্ৰ। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ বিভাগীয় বিচাৰপীঠে সুধিলে, বহু ক্ষেত্ৰত তিনি-চাৰি বছৰ ধৰি ৰাজ্যপালসকলৰ মাজত বিধেয়ক আবদ্ধ হৈ থাকে। তাৰ পিছতো কেনেদৰে ৰাজ্য চৰকাৰৰ আশংকা ভিত্তিহীন বুলি কৈছে?

কেইমাহমানৰ আগতে উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিভাগীয় বিচাৰপীঠে ৰায় দিছিল যে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়েও বিধায়িনী দলে গৃহীত কৰা কোনো বিধেয়ক অনিৰ্দিষ্টকাললৈ ধৰি ৰাখিব নোৱাৰে। সেই বিধেয়কখনৰ সন্দৰ্ভত তেওঁলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সিদ্ধান্ত লব লাগিব। কেন্দ্ৰই দাবী কৰিছে যে উচ্চতম ন্যায়ালয়ে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিক এনেদৰে ‘নিৰ্দেশনা কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে পাছলৈ যুক্তি দিছিল যে সংবিধানৰ ১৪২ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে আইনৰ বাহিৰলৈ গৈ ‘ন্যায় প্ৰতিষ্ঠাৰ উদ্দেশ্যে বিশেষ ৰায়দান দিব পাৰে। এই গোচৰতো উচ্চতম ন্যায়ালয়েও একেই কাম কৰিলে। ইয়াৰ বাবে ইতিমধ্যে শাসকীয় শিবিৰৰ বহু নেতাই ন্যায়পালিকাক তীব্র সমালোচনা কৰিছে৷ পাছলৈ উচ্চতম ন্যায়ালয়েও একাধিক প্ৰশ্নত কেন্দ্ৰক আঘাত কৰিছে।

বুধবাৰে সেই গোচৰৰ শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰৰ হৈ দাবী কৰিছিল যে বিগত ৫৫ বছৰত অনুমোদনৰ বাবে মাত্ৰ ২০খন বিলহে স্থগিত ৰখা হৈছে। এমাহৰ ভিতৰত ৯০ শতাংশ বিধেয়ক অনুমোদন কৰা হৈছে। গতিকে বিধেয়ক গৃহীতক লৈ ৰাজ্য চৰকাৰসমূহে যি আশংকা কৰিছে সেয়া মিছা আশংকা। এনে আশংকা সন্দৰ্ভত নতুন পদক্ষেপ লোৱাৰ প্ৰয়োজন নাই। কেন্দ্ৰৰ যুক্তিৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশে মৌখিকভাৱে প্ৰশ্ন কৰে- “৩-৪ বছৰ ধৰি কিছুমান বিল আবদ্ধ হৈ আছে। তেতিয়াও এই আশংকা ভিত্তিহীন বুলি কেনেকৈ কোৱা হৈছে?”

কেন্দ্ৰই অৱশ্যে স্পষ্টভাৱে উল্লেখ কৰিছিল যে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ৰাজনৈতিকভাৱে স্বায়ত্তশাসিত। তেওঁলোকে গণতান্ত্ৰিক প্ৰশাসনতকৈ উন্নত আদৰ্শত বিশ্বাস কৰে। গতিকে ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ কাৰ্যালয়ত যদি কিবা ত্ৰুটি থাকে তেন্তে সেয়া ৰাজনৈতিকভাৱে ঠিক কৰিব লাগিব। ন্যায়পালিকাৰ অপ্ৰয়োজনীয় হস্তক্ষেপে সাংবিধানিক সংকটৰ সৃষ্টি কৰিব।

Related News