NORTHEAST NOW (Assamese)

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm · এন ই নাও নিউজ, নতুন দিল্লী
Your paragraph text - 1

ৱাকফ গোচৰত কেন্দ্ৰৰ বাবে এক ডাঙৰ সকাহ। সোমবাৰে গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে সমগ্ৰ ৱাকফ আইনখন স্থগিত ৰখাৰ কোনো যুক্তি নাই। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে সংশোধনী আইনখনৰ দুটা বা তিনিটা ধাৰাত আপত্তি উত্থাপন কৰি সদ্যহতে স্থগিত ৰখাৰ নিৰ্দেশ দিছে।

ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল জিলা দণ্ডাধীশৰ ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ। এতিয়ালৈকে জিলা দণ্ডাধীশৰ যিকোনো মাটি বা সম্পত্তিৰ জৰীপ কৰি ৱাকফ হয় নে নহয় কোৱাৰ অধিকাৰ আছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ নতুন আদেশ অনুসৰি এতিয়া জিলা দণ্ডাধীশসকলৰ এই অধিকাৰ নাথাকিব।

আজি মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে ৱাকফক সম্পত্তি দান কৰাৰ হ’লে পাঁচ বছৰৰ বাবে ইছলাম পালনৰ নিয়মত স্থগিতাদেশ দিছে। কেন্দ্ৰীয় ৱাকফ ব’ৰ্ডত চাৰিজনতকৈ অধিক অমুছলমান লোক থাকিব নোৱাৰিব। ৰাজ্যিক পৰ্যায়ত এই সংখ্যা তিনি। ৱাকফৰ মুখ্য কাৰ্যবাহী বিষয়া যিমান পাৰে মুছলমান সম্প্ৰদায়ৰ পৰা হ’ব লাগে।

তাৎপৰ্যপূৰ্ণভাৱে উচ্চতম ন্যায়ালয়ে কোনো নিৰ্দেশ দিয়া নাই যে অমুছলমানক মুখ্য কাৰ্যবাহী বিষয়া পদত নিযুক্তি দিব নোৱাৰিব। কিন্তু মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে সমগ্ৰ ৱাকফ আইনখন স্থগিত ৰখাৰ কোনো যুক্তি নাই।

এতিয়ালৈকে জিলা দণ্ডাধীশ বা সমান পদবীৰ প্ৰশাসনিক বিষয়াই কোনো সম্পত্তি ৱাকফ হয় নে নহয় সেইটো নিৰ্ণয় কৰিবলৈ জৰীপ চলাই কৈ দিছিল, যাক লৈ মুছলমান সম্প্ৰদায়ৰ এটা শ্ৰেণীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল। সেই বিষয়টো উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানিৰ সময়ত উত্থাপন হৈছিল। সেই আপত্তিটো মনত ৰাখি সোমবাৰে ন্যায়াধীশসকলে জিলা দণ্ডাধীশসকলৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে।

মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এ জি মাছিহে কয় যে, “জিলা দণ্ডাধীশে সাধাৰণ মানুহৰ ব্যক্তিগত অধিকাৰৰ সিদ্ধান্ত ল’ব নোৱাৰিব। কাৰণ, ইয়াৰ ফলত আইন, আদালত আৰু প্ৰশাসনিক ক্ষমতা উলংঘা হ’ব।”

উল্লেখ্য যে কেন্দ্ৰই গৃহীত কৰা ৱাকফ আইনখনৰ বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল। ২২ মে’ত এই গোচৰৰ ৰায়দান স্থগিত ৰাখিছিল উচ্চতম ন্যায়ালয়ে।

Related News