NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ত গোধৰা কাণ্ডৰ অভিযুক্তৰ মুখথেকেচা; নাকচ জামিন আবেদন

August 15, 2023 11:09 am · এন ই নাও নিউজ, নতুন দিল্লী

২০০২ চনৰ গোধৰা হত্যাকাণ্ডৰ গোচৰত তিনিজন আজীৱন কাৰাবন্দীক দোষী সাব্যস্ত কৰি উচ্চতম ন্যায়ালয়ে মোক্ষম আঘাত হানে। সোমবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে তিনিওজন অভিযুক্তৰ জামিন আবেদন। কেৱল এয়াই নহয়, উচ্চতম ন্যায়ালয়ে ২০০২ চনৰ গোধৰাৰ অগ্নিকাণ্ডক ‘অতি গুৰুতৰ ঘটনা’ বুলি অভিহিত কৰিছে। উল্লেখ্য, ২০০২ চনত গোধৰা ৰে’ল জ্বলোৱাৰ ঘটনাৰ পিছত গুজৰাটত আৰম্ভ হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বৰ বিচাৰপীঠে কয় – ‘এই ঘটনা অতি গুৰুতৰ ঘটনা। ইয়াত এজনক হত্যা কৰাৰ প্ৰশ্ন নাহে।‘ ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে এই বিষয়ত গুজৰাট উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা আবেদনখন উপযুক্ত বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰিব বুলি কয়। বিচাৰপীঠখনত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰও আছিল।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে শাস্তিপ্ৰাপ্ত অভিযুক্ত ছাউকাত ইউছুফ ইছমাইল মোহন, বিলাল আব্দুল্লাহ ইছমাইল বদাম ঘাঞ্চি আৰু ছিদ্দিকক জামিনত মুকলি কৰি দিবলৈ অস্বীকাৰ কৰে।

অভিযুক্তৰ হৈ উপস্থিত হোৱা জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েই বিচাৰপীঠক জনায় যে ট্ৰায়েল কোৰ্টে তিনিওজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। অভিযুক্তসকলৰ এজন চাৰে ১৭ বছৰতকৈও অধিক সময় ধৰি জিম্মাত আছে আৰু আনজন ২০ বছৰ কাৰাগাৰত আছে।

এই আবেদনত উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে আমি এই পৰ্যায়ত আপীলকাৰীসকলক তেওঁলোকৰ নিৰ্দিষ্ট ভূমিকাক লক্ষ্য কৰি জামিন প্ৰদান কৰিবলৈ আগ্ৰহী নহয়। হেগড়েই যুক্তি দিছিল যে হিংসাৰ সময়ত তেওঁলোকৰ দুজনৰ বিৰুদ্ধে শিলগুটি নিক্ষেপ কৰা আৰু মানুহৰ অলংকাৰ লুট কৰাৰ দৰে সৰু সৰু অভিযোগ আছিল।

গুজৰাট চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা উপস্থিত থাকে।তুষাৰ মেহতাই দোষী তিনিজনৰ বিৰুদ্ধে ট্ৰায়েল কোৰ্টৰ তথ্যৰ উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰে এজন মূল ষড়যন্ত্ৰকাৰী যিয়ে জনতাক উচটনি দিছিল। অভিযুক্তৰ হাতত আছিল এক মাৰাত্মক অস্ত্ৰ। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে স্বীকাৰ কৰে যে গোধৰা কাণ্ডত দোষী তিনিজনৰ সক্ৰিয় ভূমিকা আছিল।

উল্লেখ্য যে ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰাত সাবৰমতী এক্সপ্ৰেছৰ ডবা এছ-৬ত জুই লগাই দিয়া হৈছিল। এই অগ্নিকাণ্ডত ৫৯ জন লোকৰ মৃত্যু হয়। এই ঘটনাৰ পিছত গুজৰাটত সংঘৰ্ষ সংঘটিত হয়। সেই সংঘৰ্ষত ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।

ইপিনে, ২০১১ চনত গোধৰা ৰে’ল অগ্নিসংযোগৰ ঘটনাত ৩১ জন লোকক দোষী সাব্যস্ত কৰিছিল আদালতে। ইয়াৰে ১১ জনক মৃত্যুদণ্ড আৰু ২০ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। এই ঘটনাৰ পিছদিনা ২৮ ফেব্ৰুৱাৰীত ৰাজ্যত বন্ধৰ আহ্বান জনোৱা হৈছিল। এই বন্ধৰ সময়ত আহমেদাবাদ চহৰৰ নৰোদগাম অঞ্চলত হিংসাত্মক ঘটনা ঘটে। এই ঘটনাত মুঠ ১১ জন লোকৰ মৃত্যু হয়।

Related News