NORTHEAST NOW (Assamese)
অসম

‘কোনো নিৰ্দেশ নিদিওঁ’! আদানি কাণ্ডত সংবাদ মাধ্যমক নাকী লগোৱাৰ আৰ্জি খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 24, 2023 4:00 pm

“আদানি গ্ৰুপৰ বিৰুদ্ধে ষড়যন্ত্ৰ” বুলি অভিযোগ কৰি দুজন অধিবক্তাই হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ তদন্ত বিচাৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে সংবাদ মাধ্যমৰ এটা অংশই পৰিকল্পিত প্ৰচাৰ চলাইছে। সংবাদ মাধ্যমসমূহে আদালতৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে যাতে আদানি কেলেংকাৰীৰ ওপৰত কোনো প্ৰতিবেদন প্ৰকাশ নকৰে তাৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনো দাখিল কৰিছিল।

কিন্তু শুকুৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই সন্দৰ্ভত কোনো নিৰ্দেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। পিআইএলৰ আবেদনকাৰী এম এল শৰ্মাৰ আবেদন খাৰিজ কৰি তিনিজনীয়া বিচাৰপীঠে কয়, “আমি এই সন্দৰ্ভত সংবাদ মাধ্যমক কোনো নিৰ্দেশ নাদিওঁ।”

আদানি গ্ৰুপৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে শ্বেয়াৰ জালিয়াতি আৰু বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে। দুখন ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমাৰ আবেদনকাৰী এম এল শৰ্মা আৰু বিশাল তিৱাৰীয়ে দাবী কৰিছিল যে প্ৰতিবেদনখন দেশৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ ষড়যন্ত্ৰৰে প্ৰকাশ কৰা হৈছে। ফলস্বৰূপে, দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে। এই বিষয়ত সংবাদ মাধ্যমক বিষয়টোৰ ওপৰত “প্ৰতিবেদন” প্ৰকাশ কৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশনা দিবলৈ আবেদন জনোৱা হৈছিল।

বিশাল তিৱাৰীৰ ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমাই “ষড়যন্ত্ৰৰ সন্ধানত” তদন্তৰ দাবী জনোৱা হৈছিল। আনহাতে, গৌতম আদানিৰ কোম্পানীৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত বিচাৰি শীৰ্ষ ন্যায়ালয়ত আৰু দুটা গোচৰ পৰি আছে।