NORTHEAST NOW (Assamese)

ভুলকৈ মডেলৰ চুলি কটাৰ জৰিমনা ২৫ লাখ টকা! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বিপদত পঞ্চতাৰকা হোটেল

February 12, 2026 4:21 pm · এন ই নাও নিউজ, গুৱাহাটী

কোৱা হয় যে চুলিতে লুকাই থাকে এগৰাকী নাৰীৰ সৌন্দৰ্য্য। আৰু সেই চুলিৰ লগত খেলা কৰাৰ মূল্য দিবলগীয়া হ’ল পঞ্চতাৰকাযুক্ত হোটেলখনে। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিলে বৃহৎ জৰিমনাৰ! ২০১৮ চনত সংঘটিত হৈছিল এই ঘটনা। দিল্লীৰ আইটিচি মৌৰ্য হোটেললৈ চুলি কটাবলৈ গৈছিল এগৰাকী মডেল। চখত ‘চুলি কটাবলৈ’ গৈয়েই ঘটিল অথন্তৰ।দৰাচলতে কি ঘটিছিল?

চুলি কটাবলৈ গৈ তেওঁ মাত্ৰ চাৰি ইঞ্চি চুলি কাটিবলৈ কৈছিল। কিন্তু সেয়া নহ’ল, মডেলগৰাকীৰ যথেষ্ট চুলি ভুলবশতঃ কাটি পেলোৱা হ’ল। ইয়াৰ পৰাই আৰম্ভ হৈছিল সমস্যা। তাৰ পিছত মডেল যুৱতী আশ্বনা ৰয়ে নিজৰ কেৰিয়াৰৰ ব্যৰ্থ হোৱাৰ অভিযোগ কৰি ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগৰ কাষ চাপে।

এনচিডিআৰচিয়ে যুৱতীগৰাকীক ক্ষতিপূৰণ হিচাপে ২ কোটি টকা দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু যিহেতু যুৱতীগৰাকীয়ে চুলি বিপৰ্যয়ৰ বাবে কেৰিয়াৰ ধ্বংস হোৱাৰ কোনো প্ৰমাণ দিব নোৱাৰিলে, সেয়েহে উচ্চতম ন্যায়ালয়ে জৰিমনাৰ অংকত লেকাম টানিলে। ২ কোটি টকাৰ জৰিমনা হ্ৰাস কৰি ২৫ লাখ টকা কৰে।

২০১৮ চনৰ ১২ এপ্ৰিলত উদীয়মান মডেল আশ্বনাই দিল্লীৰ এখন ফাইভ ষ্টাৰ হোটেললৈ চুলি কটাবলৈ গৈছিল। তাৰ পৰাই আৰম্ভ হৈছিল বিবাদ। আশ্বনাই অভিযোগ কৰে যে তেওঁৰ চুলিখিনি সঠিকভাৱে কটা হোৱা নাই। সেইটোৰ বাবে কেৰিয়াৰত প্ৰভাৱ পৰিছিল।

ইয়াৰ পিছত যুৱ মডেলগৰাকীয়ে ক্ষতিপূৰণৰ দাবী জনায়। তেওঁ ‘ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগ’ৰ কাষ চাপিছিল। ২০২১ চনত ‘ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগে’ এই গোচৰত পাঁচ তাৰকাযুক্ত হোটেলখনক দোষী সাব্যস্ত কৰি মডেলগৰাকীক ২ কোটি টকা জৰিমনা দিবলৈ নিৰ্দেশ দিয়ে।  

ইয়াৰ পাছতে দিল্লীৰ পাঁচ তাৰকাযুক্ত হোটেলখনে এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যায়। ২০২৩ চনত উচ্চতম ন্যায়ালয়ে এই বিষয়টো পুনৰ এনচিডিআৰচিলৈ প্ৰেৰণ কৰে যাতে পুনৰ ক্ষতিপূৰণৰ বিষয়টো চাব পাৰে। তাৰ পিছত যুৱতীগৰাকীয়ে ক্ষতিপূৰণ হিচাপে ৫.২ কোটি টকা দাবী কৰে। ইমেইল আৰু বিভিন্ন নথি-পত্ৰ প্ৰমাণ হিচাপে দাঙি ধৰে। আশ্বনাই দাবী কৰে যে এয়া তেওঁৰ মডেলিং কেৰিয়াৰত বাধা হৈ পৰিছে।

‘ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগে’ পুনৰ এই গোচৰত যুৱতীগৰাকীক ক্ষতিপূৰণ হিচাপে ২ কোটি টকা দিবলৈ নিৰ্দেশ দিয়ে। তাৰ পাছত দিল্লীৰ পাঁচ তাৰকাযুক্ত হোটেলখনে পুনৰ সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

যিহেতু মডেলগৰাকীয়ে কেৰিয়াৰ বিফলতাৰ পৰ্যাপ্ত প্ৰমাণ দিব নোৱাৰিলে, অৱশেষত উচ্চতম ন্যায়ালয়ে অভিযোগকাৰীক এই গোচৰত ২ কোটি টকাৰ পৰিৱৰ্তে ২৫ লাখ টকা দিবলৈ নিৰ্দেশ দিয়ে।

Related News