NORTHEAST NOW (Assamese)
Popular Stories

ৰায়দানত পলম হোৱাক লৈ কঠোৰ উচ্চতম ন্যায়ালয়, দেশৰ সকলো উচ্চ ন্যায়ালয়লৈ বিশেষ নিৰ্দেশনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2026 2:33 pm

উচ্চতম ন্যায়ালয়ে দেশৰ আটাইকেইখন উচ্চ ন্যায়ালয়ক ৰায়দান প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ আৰু ন্যায়িক ব্যৱস্থাত হোৱা পলম হ্ৰাস কৰিবলৈ কিছুমান বাধ্যতামুলক নিৰ্দেশ জাৰি কৰিছে। সংবিধানৰ ১৪২ নম্বৰ অনুচ্ছেদৰ অধীনত থকা বিশেষ ক্ষমতা প্ৰয়োগ কৰি দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত থকা এখন বিচাৰপীঠে কয় যে সংৰক্ষিত কৰি ৰখা যিকোনো গোচৰৰ ৰায় তিনি মাহৰ ভিতৰত নিশ্চিতভাৱে ঘোষণা কৰিব লাগিব।

বিশেষকৈ জামিন সংক্ৰান্তীয় গোচৰসমূহৰ বাবে উচ্চতম ন্যায়ালয়ে এক কঠোৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। উচ্চ ন্যায়ালয়সমূহক নিৰ্দেশ দিয়া হৈছে যে জামিনৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ দিনাই ইয়াৰ সিদ্ধান্ত লব লাগে। যদিহে কোনো কাৰণত ৰায় সংৰক্ষিত কৰি ৰখা হয়, তেন্তে পিছদিনাই সেই ৰায় শুনাব লাগিব। নিয়মীয়া জামিন মঞ্জুৰ হোৱাৰ পিছত সেই বিষয়ে লগে লগে নিম্ন আদালতক অৱগত কৰিবলৈও কোৱা হৈছে। ইয়াৰ উপৰিও জামিন পোৱা বিচৰাধীন কয়দীসকলক আৱশ্যকীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত সেই দিনাই কাৰাগাৰৰ পৰা মুক্তি দিব লাগিব যাতে মানুহৰ ব্যক্তিগত স্বাধীনতাত কোনো দীঘলীয়া হেঙাৰ নাহে।

ন্যায়িক ব্যৱস্থাত স্বচ্ছতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে যিকোনো ৰায় ঘোষণা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত তাক উচ্চ ন্যায়ালয়ৰ নিজা ৱেবছাইটত আপলোড কৰিব লাগিব। বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে যিটো দিনত ৰায়টোৰ মূল অংশ শুনোৱা হ, সেই দিনটোকে ৰায়দানৰ আধিকাৰিক তাৰিখ হিচাপে গণ্য কৰা হব। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত ৰায়দান আৰু ইয়াৰ ৱেবছাইটত আপলোড প্ৰক্ৰিয়াত হোৱা পলমক লৈ চলি থকা এটা গোচৰৰ শুনানিৰ সময়তে উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ জাৰি কৰে।

উচ্চতম ন্যায়ালয়ে ন্যায় প্ৰদানৰ গুৰুত্বৰ ওপৰত জোৰ দি কয় যে উচ্চ ন্যায়ালয়সমূহ হৈছে এনেকুৱা প্ৰাথমিক প্ৰতিষ্ঠান যলৈ দৈনিক হাজাৰ হাজাৰ লোকে আশাৰে ন্যায় বিচাৰি আহে। গতিকে ৰায়দানত পলম হলে ন্যায়ালয়ৰ প্ৰতি থকা জনসাধাৰণৰ বিশ্বাস আৰু আস্থা হ্ৰাস পাব পাৰে। অৱশ্যে সৰ্বোচ্চ ন্যায়ালয়ে এয়াও স্পষ্ট কৰি দিছে যে এই নিৰ্দেশনা কোনো ন্যায়াধীশ বা ন্যায়িক প্ৰতিষ্ঠানক আক্ষেপ কৰিবলৈ বা আঙুলি তুলিবলৈ দিয়া হোৱা নাই, বৰঞ্চ সমগ্ৰ ব্যৱস্থাটোক ৰাইজৰ বাবে অধিক সক্ৰিয় কৰিবলৈহে এই পদক্ষেপ লোৱা হৈছে।