NORTHEAST NOW (Assamese)

লখিমপুৰ খেৰী হত্যাকাণ্ড: ১১ মাৰ্চত কৃষক পৰিয়ালৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

March 4, 2022 1:09 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ জামিনৰ বিৰুদ্ধে কৃষকসকলৰ পৰিয়ালে দাখিল কৰা এখন আবেদনৰ শুনানি ১১ মাৰ্চত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

কষক সকলৰ হৈ আবেদন দাখিল কৰা অধিবক্তা প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে আশীষ মিশ্ৰৰ জামিনৰ পিছত আন অভিযুক্ত সকলেও উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন জনাইছে।

অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দৰ্শাই যে তেওঁলোকে জামিন লাভ কৰিলে প্ৰমাণ নষ্ট কৰিব পাৰে আৰু সাক্ষীসকলক ভাবুকিৰে প্ৰভাৱান্বিত কৰিব পাৰে।

সেয়েহে তেওঁ অভিযুক্ত সকলৰ জামিন প্ৰক্ৰিয়া বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ক আহ্বান জনায়।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে অধিবক্তা প্ৰশান্ত ভূষণক উচ্চতম ন্যায়ালয়ে ১১ মাৰ্চত আৱেদনৰ শুনানি গ্ৰহণ কৰিব বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ত জনাবলৈ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই অধিবক্তা প্ৰশান্ত ভূষণক উদ্দেশ্যি কয়, “আপুনি উচ্চ ন্যায়ালয়ৰ সন্মুখত এখন মেমো দাখিল কৰক যে উচ্চতম ন্যায়ালয়ে এই বিষয়টো নিজৰ কৰ্তৃত্বলৈ আনিছে আৰু ১১ মাৰ্চত ইয়াৰ শুনানি গ্ৰহণ কৰিব।”

উল্লেখ্য যে যোৱা বৰ্ষৰ ৩ অক্টোবৰত লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকৰ হত্যাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক ১৫ ফেব্ৰুৱাৰীত কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল।

স্থানীয় আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পিছত ১০ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে মিশ্ৰক জামিন প্ৰদান কৰিছিল।

ইয়াৰ পিছতে আশীষ মিশ্ৰৰ জামিনক প্ৰত্যাহ্বান জনাই কৃষক সকল উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

Related News