NORTHEAST NOW (Assamese)
Popular Stories

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 2, 2026 4:40 pm

উচ্চতম ন্যায়ালয়ে ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ বৰ্ধিত ব্যৱহাৰক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে অধিবক্তা আৰু ন্যায়াধীশসকলে এআইৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰা উচিত নহয়, কিয়নো ই ন্যায় প্ৰক্ৰিয়াৰ মূল ভিত্তি আৰু বিশ্বাসযোগ্যতাত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ অৰ্থাৎ এনচিএলটিৰ এটা ৰায়দান উচ্চতম ন্যায়ালয়ে বাতিল কৰিছে। কাৰণ সেই ৰায়দানত এনে কিছুমান আইনী উদাহৰণ বা গোচৰৰ প্ৰসংগ টানি অনা হৈছিল, যিবোৰ বাস্তৱত নায়েই আৰু সেইবোৰ কেৱল এআইৰ সহায়ত প্ৰস্তুত কৰা হৈছিল। ন্যায়ালয়ে কয় যে এআইৰ এটা ডাঙৰ সমস্যা হল ই কেতিয়াবা সম্পূৰ্ণ ভুৱা আৰু কাল্পনিক আইনী সমল প্ৰস্তুত কৰে। এনে ভুৱা তথ্য যদি ন্যায়ালয়ৰ ৰায়দানত ব্যৱহাৰ কৰা হয়, তেন্তে সেয়া সমগ্ৰ ন্যায় ব্যৱস্থাৰ বাবে ভয়ংকৰ হব পাৰে। উচ্চতম ন্যায়ালয়ে এনে কাৰ্যক ন্যায় ব্যৱস্থাত মিথাইল আইচচায়ানেট গেছ বিয়পি পৰাৰ দৰে এক অদৃশ্য বিপদ বুলি আখ্যা দিছে, যিয়ে লাহে লাহে সমগ্ৰ ন্যায়িক প্ৰক্ৰিয়াক ধ্বংস কৰিব পাৰে।

এই গোচৰটো আছিল এচেল ইনফ্ৰাপ্ৰজেক্টছ নামৰ এটা কোম্পানীৰ দেউলীয়া প্ৰক্ৰিয়াৰ সৈতে জড়িত। জম্মু-কাশ্মীৰ বেংকে কোম্পানীটোৰ বিৰুদ্ধে এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৱেদন জনাইছিল আৰু এনচিএলটিৰ লগতে এনচিএলএটিয়েও ইয়াত সন্মতি দিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ধৰা পেলায় যে এই ৰায়দানসমূহত উল্লেখ কৰা আইনী উদাহৰণবোৰ সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা ভুৱা তথ্য আছিল। সেয়েহে উচ্চতম ন্যায়ালয়ে দুয়োটা ৰায় বাতিল কৰি প্ৰকৃত তথ্যৰ আধাৰত পুনৰ শুনানিৰ বাবে নিৰ্দেশ দিয়ে।

প্ৰযুক্তিৰ ব্যৱহাৰ আদালতত কেৱল এক সহায়ক হিচাপেহে হব লাগে বুলি ন্যায়ালয়ে মত প্ৰকাশ কৰে। যিকোনো ক্ষেত্ৰতে চূড়ান্ত সিদ্ধান্ত সদায় মানুহে লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰতিটো স্তৰতে মানুহৰ নিয়ন্ত্ৰণ থকাটো অতি প্ৰয়োজনীয়। যদিও বৰ্তমান এআইয়ে মানুহৰ দৰে বহুতো বৌদ্ধিক কাম কৰিব পাৰে আৰু কামৰ বোজা কমাবলৈ পেছাদাৰীসকলে ইয়াৰ ব্যৱহাৰ কৰিছে, তথাপিও ই কেতিয়াও মানুহৰ চিন্তা, যুক্তি আৰু আইনী বুজাবুজিৰ বিকল্প হব নোৱাৰে।

কৃত্ৰিম বুদ্ধিমত্তাই কেতিয়াবা ভুল তথ্য দিয়া বা হেলুচিনেচনৰ দৰে যিবোৰ কাৰিকৰী সমস্যা আছে, সেইবোৰ সমাধান কৰাটো অভিযন্তা আৰু বিজ্ঞানীসকলৰ কাম বুলিও আদালতে উল্লেখ কৰে। এই সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চতম ন্যায়ালয়ে ভাৰতীয় অধিবক্তা পৰিষদ অৰ্থাৎ বাৰ কাউন্সিল অৱ ইণ্ডিয়াক এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে। এই সমিতিখনে ন্যায়িক প্ৰক্ৰিয়াত এআইৰ ব্যৱহাৰ সন্দৰ্ভত এক বিতং অধ্যয়ন চলাব।