NORTHEAST NOW (Assamese)

ডাটা শ্বেয়াৰিঙৰ নামত ব্যক্তিগত তথ্যত হস্তক্ষেপ নচলিব! হোৱাটছএপক বাৰ্তা উচ্চতম ন্যায়ালয়ৰ 

February 3, 2026 2:34 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰযুক্তি বা ব্যৱসায়িক কৌশলৰ অজুহাতত নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ কৰ্তন কৰিব নোৱাৰি – এইটোৱেই উচ্চতম ন্যায়ালয়ে দিয়া স্পষ্ট বাৰ্তা। মঙলবাৰে শীৰ্ষ ন্যায়ালয়ে হোৱাটছএপ আৰু ইয়াৰ মূল কোম্পানী মেটাক ধমক দি কয় যে ডাটা শ্বেয়াৰিঙৰ নামত ব্যক্তিগত তথ্যত যিকোনো ধৰণৰ হস্তক্ষেপ গ্ৰহণযোগ্য নহয়।

বাতৰি মতে, শুনানিৰ সময়ত ন্যায়াধীশসকলে মন্তব্য কৰে যে, “আপোনালোকে ডাটা শ্বেয়াৰিঙৰ নামত এই দেশৰ নাগৰিকৰ গোপনীয়তাৰ অধিকাৰৰ সৈতে খেলিব নোৱাৰিব।” আদালতে মেটাৰ যুক্তিও পৰীক্ষা কৰে, য’ত ব্যৱহাৰকাৰীৰ সন্মতি আৰু ‘অপ্ট-আউট’ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে। এই প্ৰসংগত বিচাৰপীঠৰ কঠোৰ পৰ্যবেক্ষণ, ‘অপ্ট-আউটৰ প্ৰশ্ন ক’ত’, এনে যুক্তি আচলতে ব্যক্তিগত তথ্য চুৰি কৰাৰ এক ‘ভদ্ৰ’ পদ্ধতি।

উচ্চতম ন্যায়ালয়ে গোচৰৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰিত কৰি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ক গোচৰৰ পক্ষ হিচাপে লৈছে। আদালতে কয় যে এই গোচৰৰ অন্তৱৰ্তীকালীন আদেশ অহা ৯ ফেব্ৰুৱাৰীত দিয়া হ’ব পাৰে।

মূলতঃ হোৱাটছএপ আৰু মেটাৰ দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত শুনানি অনুষ্ঠিত হয়। এই আবেদনখনত ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ হোৱাটছএপৰ ‘টেক ইট অৰ লিভ ইট’ ধৰণৰ গোপনীয়তা নীতিৰ বাবে শাস্তি আৰোপ কৰা নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে। আয়োগৰ মতে, এই নীতিয়ে ব্যৱহাৰকাৰীসকলক কোনো বিকল্প নিদিয়াকৈ চৰ্তসমূহ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে আন এক গুৰুত্বপূৰ্ণ দিশৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে বৃহৎ টেক কোম্পানীসমূহৰ গোপনীয়তা নীতি এনেদৰে তৈয়াৰ কৰা হয় যে সাধাৰণ নাগৰিকে বুজিবলৈ অতি কঠিন। ফলত ব্যৱহাৰকাৰীৰ সন্মতি কিমান অৰ্থপূৰ্ণ সেই প্ৰশ্নও উত্থাপন হয়। বিচাৰপীঠৰ মন্তব্য আছিল যে ইমান জটিল আৰু ‘চতুৰতাৰে ডিজাইন কৰা’ শব্দত প্ৰকৃত সন্মতিৰ ধাৰণাটো প্ৰশ্নবোধক।

ইপিনে, ভাৰতত আইনী হেঁচাত পৰাৰ উপৰিও মেটা আমেৰিকাত নতুন বিতৰ্কৰ মাজতো জড়িত হৈ পৰিছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ব্যৱহাৰকাৰীৰ এটা দলে আমেৰিকাত মেটাৰ বিৰুদ্ধে গোচৰ তৰিছে। কোম্পানীটোৱে হোৱাটছএপৰ গোপনীয়তা সন্দৰ্ভত লাখ লাখ ব্যৱহাৰকাৰীক বিপথে পৰিচালিত কৰাৰ লগতে ইয়াৰ ‘এণ্ড টু এণ্ড এনক্ৰিপচন’ দাবীৰ বিষয়ে ভুৱা তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ছান ফ্ৰান্সিস্কোৰ আমেৰিকাৰ জিলা আদালতত দাখিল কৰা এই গোচৰত হোৱাটছএপ মেছেজ কিমান সুৰক্ষিত আৰু কোম্পানীটোৰ বাবে সেইবোৰ দুৰ্লভ নেকি সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।

কিন্তু মেটাই এই অভিযোগ সম্পূৰ্ণৰূপে খাৰিজ কৰিছে। কোম্পানীটোৱে দাবী কৰিছে যে এই গোচৰটো ভিত্তিহীন। যদিও গোচৰৰ নথি-পত্ৰত কেইবাজনো তথাকথিত ‘হুইচেল ব্ল’ৱাৰ’ৰ কথা উল্লেখ আছে, তথাপিও তেওঁলোকৰ নাম বা নিৰ্দিষ্ট ভূমিকা স্পষ্ট কৰা হোৱা নাই।

মুঠতে এতিয়া আদালতে প্ৰযুক্তি কোম্পানীটোৱে ডাটা ব্যৱহাৰ আৰু নাগৰিকৰ গোপনীয়তাৰ অধিকাৰৰ মাজৰ ভাৰসাম্যৰ ওপৰত চকু ৰাখিছে। ডিজিটেল গোপনীয়তাৰ সন্দৰ্ভত ভৱিষ্যতে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ কিমান প্ৰভাৱ পৰিব সেয়া হ’ব লক্ষ্যণীয়।

Related News