NORTHEAST NOW (Assamese)
অসম

শচীনৰ এটা মেচেজেই উজ্জীৱিত কৰি তুলিছে হতাশ সূৰ্যকুমাৰক; কি আছিল সেই মেচেজ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2020 9:27 am
Suryakumar-Tendulkar

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে টীম ইণ্ডিয়াত সুযোগ নোপোৱাত হতাশ হৈ পৰিছিল প্ৰতিভাৱান ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদব।তেওঁ ইমানেই হতাশগ্ৰস্ত হৈ পৰিছিল যে মুম্বাই ইণ্ডিয়ানছৰ হৈ অনুশীলনতো মন বহুৱাব পৰা নাছিল।

কিন্তু কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ এটা মেচেজেই সলনি কৰি দিয়ে সূৰ্যকুমাৰৰ মনোবল। শচীনৰ মেচেজত উজ্জীৱিত হৈ পুনৰ ক্ৰিকেটৰ মাজত নিজকে উজাৰি দিয়ে যাদবে।

নিজৰ প্ৰশিক্ষক ৰমাকান্ত আচাৰেকাৰৰ পৰা শচীনে যি পৰামৰ্শ পাইছিল তাকেই  শচীনে তেওঁৰ আগত দাঙি ধৰা বুলি জানিবলৈ দিছে সূৰ্যকমুমাৰ যাদবে।

অষ্ট্ৰেলিয়া ভ্ৰমণত যোৱা ভাৰতীয় দলত সূৰ্যকমুমাৰ যাদবে স্থান পোৱাটো উচিত আছিল বুলি বহুতেই মন্তব্য কৰিছিল। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে যাদবক ধৈৰ্য ৰখাৰ পৰামৰ্শ দিয়ে।

কিন্তু সূৰ্যকুমাৰ যাদবৰ হতাশাৰ কথা জানিব পাৰি শচীন তেণ্ডুলকাৰে ক্ৰিকেটাৰগৰাকীলৈ এটা মেচেজ প্ৰেৰণ কৰে।

শচীনে লিখিছে,’’তুমি যদি ক্ৰিকেটৰ প্ৰতি সৎ আৰু অন্তৰংগ হোৱা তেতিয়া ক্ৰিকেটে তোমাক প্ৰতিষ্ঠা আনি দিব।‘’ আচেৰকাৰে শচীনক এই পৰামৰ্শই দিছিল।

শচীনে লগতে লিখিছে,’’নিজৰ লক্ষ্যত স্থিৰ হৈ থাকা। নিজকে ক্ৰিকেটত ডুবাই দিয়া। মি জানো তুমি সেইসকলৰ মাজত নাই যিসকলে হতাশ হৈ আশা এৰি দিয়ে। আগুৱাই যোৱা আৰু আমাক আৰু আনন্দ উপহাৰ দিয়া।‘’

শচীনৰ এনে মেচেজে দেশৰ এগৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ বেটছমেনক নতুন প্ৰেৰণাৰে উজ্জীৱিত কৰি তুলিছে।