NORTHEAST NOW (Assamese)

মৃত্যুৰ দিনা সুশান্তৰ ফ্লেটত দেখা পোৱা ৰহস্যময়ী নাৰীৰ পৰিচয় উদ্ধাৰ!

August 17, 2020 3:58 pm · এন ই নাও নিউজ
Updated: August 17, 2020 4:17 pm

বলিউদৰ প্ৰতিভাধৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যই বাৰে বাৰে মোৰ সলোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠানবোৰে সুশান্তৰ মৃত্যুৰ ন ন তথ্য লাভ কৰাৰ দাবী কৰি আহিছে।

যোৱা ১৪ জুনত সুশান্তৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহটো এম্বুলেঞ্চত উঠোৱাৰ সময়ৰ ভিডিঅ’ৰ ফুটেজত থকা তিনিগৰাকী নাৰীৰ পৰিচয়ক লৈ ৰহস্যৰ সৃষ্টি হৈছিল।

মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠানবোৰে এই নাৰী কেইগৰাকীৰ মাজৰ এগৰাকী নাৰীৰ পৰিচয় লাভ কৰা বুলি দাবী কৰিছে।

এই তিনিগৰাকী নাৰীৰ ভিতৰত দুগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও এগৰাকীৰ পৰিচয় উদ্ধাৰ কৰা হৈছে বুলি দাবী সংবাদ প্ৰতিষ্ঠানবোৰৰ।

পৰিচয় উদ্ধাৰ হোৱা নাৰী গৰাকী হৈছে ৰীয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ প্ৰেয়সী জামিলা।

শৌভিকৰ প্ৰেয়সী জামিলাই সুশান্তৰ মৃত্যুৰ দিনা তেওঁৰ মৃতদেহটো এম্বুলেঞ্চত উঠোৱাৰ সময়ত উক্ত স্থানত উপস্থিত থকাৰ দৃশ্য ভিডিঅ’ ফুটেজত ধৰাও পৰিছে।

ভিডিঅ’ ফুটেজত জামিলাই আৰক্ষীৰ ভিৰ ফালি ভিতৰলৈ সোমাই যোৱা দেখা গৈছে।

মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠানবোৰে প্ৰশ্ন উত্থাপন কৰিছে যে সুশান্তৰ মৃতদেহ এম্বুলেঞ্চত উঠোৱাৰ সময়ত শৌভিক চক্ৰৱৰ্তীৰ প্ৰেয়সী জামিলাই তাত কি কৰি আছিল?

এই একেটা প্ৰশ্ন উত্থাপন কৰা হৈছে অপৰিচিত অন্য দুগৰাকী নাৰীৰ উপস্থিতিক লৈ।

উক্ত স্থানত সেই নাৰী কেইগৰাকীৰ ৰহস্যজনক উপস্থিতিক লৈ মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠানবোৰে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

জানিব পৰামতে উক্ত নাৰী কেইগৰাকী সুশান্তৰ পৰিয়ালৰ বাবেও অপৰিচিত আছিল।

Related News