NORTHEAST NOW (Assamese)
অসম

সুশান্ত যেতিয়া যন্ত্ৰণাত ছটফটাই আছিল, ৰিয়া ব্যস্ত আছিল পাৰ্টিত; সুশান্তৰ চালকৰ বিস্ফোৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 15, 2020 12:05 pm
default.aspx

প্ৰায় দুমাহ ধৰি বলীউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যৰ মায়াজালে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

নিত্য নতুন তথ্য পোহৰলৈ আহিছে, বহুতেই তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে আৰু বাৰে বাৰে গোটেই ঘটনাটো অধিক ৰহস্যৰ মাজলৈহে সোমাই গৈছে।

ইয়াৰ মাজতে সুশান্তৰ মৃত্যুৰ প্ৰসংগত মুখ খুলিছে তেওঁৰ পূৰ্বৰ গাড়ী চালক ধীৰেনে। তেওঁ কৈছে যে কাষৰ ৰুমত যেতিয়া তেওঁৰ মালিক যন্ত্ৰণাত বা ক্লান্ত হৈ শুবৰ চেষ্টা কৰিছিল, তেতিয়া তেওঁৰ সেই ফ্লেটত পাৰ্টিত মচগুল হৈ আছিল ৰিয়াই।

কেইদিনমান পূৰ্বে সুশান্ত সিং ৰাজপুতৰ বডিগাৰ্ডগৰাকীয়েও ৰিয়াৰ বিৰুদ্ধে অনুৰূপ অভিযোগ কৰিছিল।

গাড়ী চালক ধীৰেনে জানিবলৈ দিয়ে যে সুশান্তৰ সকলো পুৰণি কৰ্মচাৰীকে ৰিয়াই দেখিব পৰা নাছিল। আনকি সুশান্তে কোনো কৰ্মচাৰী নিয়োগ কৰিলে সেইগৰাকী ৰিয়াৰ ৰোষত পৰিছিল।

ৰিয়াৰ বাবেই তেওঁ চাকৰি হেৰুৱাইছিল বুলি অভিযোগ কৰি ধীৰেনে দাবী কৰে যে সুশান্তই অতি সাধাৰণ জীৱন-যাপন কৰিছিল আৰু নিজৰ ধৰণে থাকিবলৈ পছন্দ কৰিছিল। কিন্তু ৰিয়াৰ তেওঁৰ ওপৰত প্ৰভুত্ব খটাই জীৱন দুৰ্বিসহ কৰি তুলিছিল।

ধীৰেনে কয় যে সুশান্তৰ টকাৰেই দিনৰ পাছত দিন তেওঁৰ ফ্লেটত বন্ধুবর্গক লৈ ৰিয়াই পার্টি কৰিছিল। সেই পাৰ্টিবোৰত ৰিয়াৰ ভাতৃ সৌভিকো বন্ধবৰ্গৰ সৈতে যোগ দিছিল।

ইপিনে, সুশান্তৰ প্ৰাক্তন একাউন্টটেন্ট ৰজতকো শুকুৰবাৰে ইডিয়ে জেৰা কৰে। সেইদৰে সুশান্তৰ ৰান্ধনিকো জেৰা কৰা হৈছে।