NORTHEAST NOW (Assamese)
অসম

CAA আৰু EIAৰ বিৰুদ্ধে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ১৮ ঘণ্টীয়া অনশন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 15, 2020 11:21 am

অসম চুক্তি ৰূপায়ন, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা আৰু কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰ্যালয়ে গৃহীত কৰিব বিচৰা ই আই এ প্ৰত্যাহাৰৰ দাবীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই ১৮ ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই ১৪ আগষ্ট আবেলিৰ পৰা ১৫ আগষ্টৰ ৰাতিপুৱা ৯ বজালৈ এই অনশন কাৰ্য্যসূচী ৰূপান কৰে।

অনশন কাৰ্য্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকৰ লগতে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ভবজিৎ বেজবৰুৱা আৰু ভালেসংখ্যক ছাত্ৰ সন্থাৰ কৰ্মী উপস্থিত থাকে।

কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ভবজিৎ বেজবৰুৱাই তেওঁলোকৰো ভাৰতীয় হোৱাৰ গৌৰৱ আছে যদিও অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভবিষ্যৎ আৰু অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

আনহাতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জজ খেলপথাৰত ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসম চুক্তিৰ ছয় নং দফা আখৰে আখৰে ৰূপায়ন কৰা হ’ব বুলি ঘোষণা কৰে।