NORTHEAST NOW (Assamese)

আজি দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব ল’ব সুশীল চন্দ্ৰই

April 13, 2021 8:14 am · এন ই নাও নিউজ
দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰ। ফাইল ফটো।

দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে সুশীল চন্দ্ৰ।

সুশীল চন্দ্ৰক ভাৰতৰ নিৰ্বাচন আয়োগৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

মঙলবাৰে তেওঁ নিজৰ নতুন দায়িত্ব গ্ৰহণ কৰিব আৰু ২০২২ৰ ১৪মে’ত অৱসৰ গ্ৰহণ কৰালৈকে প্ৰায় এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিব।

২০১৯ৰ ফেব্ৰুৱাৰীত নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰা সুশীল চন্দ্ৰই মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ স্থানত স্থলাভিষিক্ত হ’ব।

তেওঁৰ কাৰ্যকালৰ সময়ছোৱাতে তেওঁ পাঁচখন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্বত থাকিব।

সুশীল চন্দ্ৰই পূৰ্বে চেন্ট্ৰেল ব’ৰ্ড অফ ডাইৰেক্ট টেক্সেছ(চিবিডিটি)ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

গোৱা, মণিপুৰ, উত্তৰাখণ্ড আৰু পঞ্জাৱ বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ মাৰ্চ মাহত সমাপ্ত হ’ব।

আটাইতকৈ জ্যেষ্ঠ নিৰ্বাচনী আয়ুক্ত গৰাকীকে মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ পৰম্পৰাগত প্ৰথা অনুসৰিয়েই চৰকাৰে নিৰ্বাচন আয়োগৰ শীৰ্শ পদটোৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে।

Related News