NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত সন্দেহযুক্ত এন এল এফ টি বিদ্ৰোহীৰ শৰীৰত কোভিড; চাৰি গৰাকী আৰক্ষীক কোৱাৰেণ্টাইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2020 8:07 am
COVID19-positive-750x375-1

ত্ৰিপুৰাত অলপতে নিৰাপত্তাৰক্ষীয়ে আটক কৰা বিদ্ৰোহী সংগঠন এন এল এফ টিৰ এগৰাকী সন্দেহযুক্ত সদস্য মঙলবাৰে কোভিড-১৯ প’জিটিভ হয়।

কোভিড প’জিটিভ হোৱা এন এল এফ টিৰ সদস্য গৰাকীক খোৱাই জিলাৰ পৰা আৰক্ষীয়ে ১২ জুলাইত আটক কৰিছিল।

”আৰক্ষীৰ অনুসন্ধানত আটকাধীন লোক গৰাকী এন এল এফ টিৰ সৈতে জড়িত হৈ আছিল বুলি প্ৰকাশ পায়,” বিশেষ সূত্ৰত প্ৰকাশ পায়।

এন এল এফ টিৰ সদস্য গৰাকীয়ে নিজেই কোভিড পৰীক্ষা কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে আৰু পৰীক্ষাত কোভিড প’জিটিভ হয়।

কোভিড প’জিটিভ হোৱা এন এল এফ টিৰ সদস্য গৰাকীক বৰ্তমান আগৰতলাত থকা ভগৎ সিং যুৱ আৱাস কোভিড কেন্দ্ৰত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে।

কোভিড প’জিটিভ হোৱা বাবেই আটকাধীন এন এল এফ টিৰ সদস্য গৰাকীক ন্যায়ালয়ত উপস্থিত কৰা হোৱা নায়।

এন এল এফ টি সদস্য গৰাকীক আটক কৰা চাৰি গৰাকী ত্ৰিপুৰা আৰক্ষীৰ জোৱানক বৰ্তমান হোম কোৱাৰেণ্টাইনত ৰখা হৈছে।