NORTHEAST NOW (Assamese)
অসম

দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আন্দামানৰ নিলম্বিত আইএএছ বিষয়া আৰ এল ঋষিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2022 11:21 am

নিলম্বিত আইএএছ বিষয়া আৰ এল ঋষিক কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়ে যে চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দি এগৰাকী ২১ বছৰীয়া মহিলাক বলাৎকাৰ কৰাৰ অভিযোগত আন্দামান আৰু নিকোবৰৰ প্ৰাক্তন শ্ৰম আয়ুক্ত ঋষিক সোমবাৰে পোৰ্ট ব্লেয়াৰলৈ মাতি আনি গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে ইয়াৰ পূৰ্বে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন মুখ্য সচিব জীতেন্দ্ৰ নাৰায়ণ আৰু হোটেল ব্যৱসায়ী সন্দীপ সিঙক ধৰ্ষণৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। ঋষিৰ দৰে জিতেন্দ্ৰকো গ্ৰেপ্তাৰ কৰাৰ আগতে নিলম্বিত কৰা হৈছিল। চেন্নাইৰ পৰা পোৰ্ট ব্লেয়াৰ পোৱাৰ পিছত ঋষিক সোমবাৰে গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়ক: হিজাব বিৰোধী প্ৰতিবাদক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ দুই প্ৰসিদ্ধ ইৰাণী অভিনেত্ৰী

অক্টোবৰৰ আৰম্ভণিতে মহিলাগৰাকীয়ে জীতেন্দ্ৰ আৰু ঋষিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল।তেওঁ  জিতেন্দ্ৰৰ বিৰুদ্ধে চৰকাৰী বাংলোত যৌন ব্যৱসায় চলাই থকাৰ অভিযোগ কৰিছিল।

অভিযোগ কৰা হৈছিল যে জীতেন্দ্ৰই কমেও ২০ গৰাকী ছোৱালীক ঘৰলৈ মাতি আনিছিল আৰু তেওঁলোকক ধনৰ বিনিময়ত যৌন সম্পৰ্কত লিপ্ত হ’বলৈ বাধ্য কৰিছিল। তেওঁৰ সঙ্গী আছিল ঋষি আৰু সন্দীপ।

দুয়োজন উচ্চ পদস্থ আমোলাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছত গৃহ মন্ত্ৰালয়ে আন্দামান আৰু নিকোবৰ আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিছিল।

লগতে পঢ়ক: এদিনতে কৰোনা সংক্ৰমিত ২৭ হাজাৰ! উদ্বিগ্ন চৰকাৰে দিছে গৃহবন্দী থকাৰ নিৰ্দেশ

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, জীতেন্দ্ৰই তেওঁৰ চৰকাৰী পদবীৰ অপব্যৱহাৰ কৰিছিল। তাৰ পিছত তেওঁক নিলম্বিত কৰা হয়। আন্দামান আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে দাবী কৰিছে যে ঋষিৰ বিৰুদ্ধে প্ৰাথমিকভাৱে “অভিযোগৰ সত্যতাৰ প্ৰমাণ” আছে।