NORTHEAST NOW (Assamese)

লোকসভাৰ সিদ্ধান্তক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নিলম্বিত সাংসদ মহুৱা মৈত্ৰ

December 11, 2023 4:15 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সুধিবলৈ সাংসদৰ লগইন আই ডি আৰু পাচৱৰ্ড দিয়াৰ অভিযোগত লোকসভাৰ নৈতিকতা সমিতিৰ পৰামৰ্শ মতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংসদ পদ খাৰিজ কৰিছিল মহুৱা মৈত্ৰৰ।

লোকসভাৰ  এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই লোকসভাৰ পৰা বহিষ্কাৰ হোৱাৰ দুদিন পিছত সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে নিলম্বিত সাংসদ মহুৱা মৈত্ৰ।

কোনো প্ৰমাণ অবিহনে দোষী সাব্যস্ত হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ লোকসভাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰে।

আদালতৰ সূত্ৰ অনুসৰি মহুৱা মৈত্ৰই প্ৰথমে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত লোকসভাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গোচৰ ৰুজু কৰিছিল। 

সূত্ৰ অনুসৰি এই গোচৰৰ শুনানি শীঘ্ৰে হ’ব পাৰে। কোনো সুযোগ নিদিয়াকৈ লোকসভাত গ্ৰহণ কৰা একপক্ষীয় সিদ্ধান্তক মহুৱাই তীব্ৰ গৰিহণা দিয়ে। 

কেন্দ্ৰত শাসকীয় দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে নৈতিকতা সমিতিখনে সকলো নিয়ম ভংগ কৰিছে আৰু সাংসদসকলক বৰ্খাস্ত কৰি বিৰোধীৰ ওপৰত বুলড’জাৰ চলাইছে।

প্ৰসংগক্ৰমে মহুৱা মৈত্ৰই ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা ধন আৰু বিলাসী সামগ্ৰীৰ বিনিময়ত লোকসভাত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। মহুৱাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বিজেপি সাংসদ নিশিকান্ত ডুবেই। অৱশ্যে মহুৱাই এই অভিযোগ অস্বীকাৰ কৰে। 

তাৰ পিছত লোকসভাৰ নৈতিকতা সমিতিয়ে ঘটনাৰ তদন্তৰ দায়িত্ব লয়। তাৰ পাছত নৈতিকতা সমিতিয়ে মহুৱাক সোধা-পোছা কৰি ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন জাৰি কৰে। প্ৰতিবেদনত মহুৱাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ পৰামৰ্শ দিয়া হয়। তাৰ পিছত অধ্যক্ষই যোৱা শুকুৰবাৰে সংসদৰ শীতকালীন অধিৱেশনত মহুৱাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰে।

Related News