NORTHEAST NOW (Assamese)
দেশ

প্ৰফেট মহম্মদ বিতৰ্কত মুক্তিৰ দুদিন পিছতেই পুনৰ গ্ৰেপ্তাৰ তেলেংগানাৰ বিজেপি বিধায়ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2022 5:31 pm
Telangana BJP MLA Prophet Muhammad remark

তেলেংগানাৰ নিলম্বিত বিজেপি বিধায়ক টি ৰাজা সিঙক আজি পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। নবী মহম্মদ সন্দৰ্ভত অপমানজনক মন্তব্যৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত টি ৰাজা সিঙক মঙলবাৰে জামিন দিয়া হৈছিল আৰু তাৰ দুদিন পিছতে এইদৰে পুনৰ গ্ৰেপ্তাৰ হৈছে বিধায়কগৰাকীক।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত সিঙৰ বিৰুদ্ধে দাখিল কৰা দুটা গোচৰৰ বাবে বিধায়কগৰাকীলৈ বুধবাৰে জাননী জাৰি কৰিছিল তেলেংগানা আৰক্ষীয়ে।

ফেব্ৰুৱাৰীত সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হোৱা এটা ভিডিঅ’ত আপত্তিজনক মন্তব্য দিয়া দেখা গৈছিল টি ৰাজা সিঙক। আনহাতে এপ্ৰিলত এক ৰেলীৰ সময়ত উচতনিমূলক ভাষণ দিয়াৰ অভিযোগত টি ৰাজা সিঙৰ বিৰুদ্ধে আন এটা অভিযোগ দাখিল কৰা হৈছিল।

সোমবাৰে বিজেপি বিধায়কজনে ষ্টেণ্ড-আপ কমেডিয়ান মুনাৱাৰ ফাৰুকুইক সমালোচনা কৰি এটা ভিডিঅ’ মুকলি কৰিছিল। ভিডিঅ’টোত সিঙে ইছলাম ধৰ্মৰ বিৰুদ্ধে কেতবোৰ অপমানজনক মন্তব্য কৰিছিল।

ধৰ্মৰ ভিত্তিত শত্ৰুতা বৃদ্ধি কৰা, ইচ্ছাকৃত আৰু বিদ্বেষপূৰ্ণ কাৰ্যৰ অভিযোগত আইপিচিৰ বিভিন্ন ধাৰাৰ অধীনত ৰাজা সিঙৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ পিছতে টি ৰাজা সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও সতৰ্ক কৰি দি মুকলি কৰা হৈছিল।