NORTHEAST NOW (Assamese)
Popular Stories

বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কৰ সন্দেহ! পত্নীৰ নাক কাটিলে স্বামীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 6, 2025 8:05 pm

মঙলবাৰে বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহত এজন ব্যক্তিয়ে কাটি পেলালে নিজ পত্নীৰ নাক। মধ্যপ্ৰদেশৰ ঝাবুৱা জিলাত সংঘটিত হৈছে এই নৃশংস ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত স্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে।

ঝাবুৱা জিলাৰ আৰক্ষী অধীক্ষক শিৱদয়াল সিঙে সংবাদ সংস্থাক জনোৱা মতে, বুধবাৰে ৰাণাপুৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে। আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু মেডিকো-লিগেল চাৰ্টিফিকেট (MLC) লাভ কৰাৰ পিছতহে গোচৰ (FIR) দাখিল কৰা হৈছে।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে অনুমান কৰিছে যে অভিযুক্ত স্বামী ৰাকেশ বিলোৱালে দীৰ্ঘদিন ধৰি পত্নীৰ চৰিত্ৰক লৈ সন্দেহ কৰি আহিছিল আৰু সেই সন্দেহৰ বশৱৰ্তী হৈয়ে তেওঁ এই জঘন্য কাণ্ড সংঘটিত কৰিলে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, কিছুদিন পূৰ্বে অভিযুক্ত ৰাকেশ বিলোৱাল কামৰ সন্ধানত পত্নীৰ সৈতে গুজৰাটলৈ গৈছিল। কিন্তু তাতো পত্নীৰ চৰিত্ৰক কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত কাজিয়া হৈছিল। মঙলবাৰে দুয়ো ঝাবুৱাৰ পদলৱা গাঁৱলৈ উভতি আহিছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে, “আমি গুজৰাটৰ পৰা উভতি অহাৰ সময়তে তেওঁক মোৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ কৈছিলো। তেওঁ ঘৰলৈ উভতি অহাৰ পিছত পৰিয়ালৰ সৈতে কথা পাতিব বুলি কৈছিল। কিন্তু আমি ঘৰ পোৱাৰ লগে লগে তেওঁ মোক লাঠিৰে কোবাবলৈ ধৰিলে, তাৰ পিছত ব্লেডেৰে মোৰ নাক কাটি দিলে। তাৰ পিছত নিজেই মোক হস্পিতাললৈ লৈ গল।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জনোৱা মতে, তদন্ত অব্যাহত আছে আৰু আহত মহিলাগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।