NORTHEAST NOW (Assamese)
দেশ

স্বাতী মালিৱালক নিৰ্যাতন ! অৱশেষত গ্ৰেপ্তাৰ হ’ল কেজৰিৱালৰ ব্যক্তিগত সচিব

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 18, 2024 2:40 pm
স্বাতী মালিৱালক নিৰ্যাতন ! অৱশেষত গ্ৰেপ্তাৰ হ’ল কেজৰিৱালৰ ব্যক্তিগত সচিব

আপৰ সাংসদ স্বাতী মালিৱালক নিৰ্যাতন আৰু প্ৰহাৰৰ গোচৰত কেজৰিৱালৰ ব্যক্তিগত সচিত বিভাব কুমাৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, দিল্লীৰ মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা বিবাহক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্রীৰ বাসগৃহৰ পিছফালেৰে বিভাবক উলিয়াই নিয়া বুলি জানিব পৰা গৈছে।

স্বাতী মালিৱালে এই সম্পৰ্কত দুদিন পূৰ্বে দিল্লী আৰক্ষীৰ ওচৰত এফআইআৰ দাখিল কৰিছিল।

দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা আম আদমী পাৰ্টিৰ সাংসদগৰাকীয়ে ১৩ মে’ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত বিভাব কুমাৰে তেওঁক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

অভিযোগ অনুসৰি বিভাবে, ৭-৮ টা চৰ সোধোৱাৰ লগতে মালিৱালৰ বুকু আৰু পেটত গোৰ মাৰিছিল। স্বাতীয়ে বাৰে বাৰে কাতৰ অনুৰোধৰ পিছতো বিভাবে প্ৰহাৰ কৰিবলৈ এৰা নাছিল।

ইতিমধ্যে আৰক্ষীয়ে কেজৰিৱালৰ ঘৰৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে। চিচি টিভিত বন্দী হৈছে স্বাতীক প্ৰহাৰ কৰাৰ দৃশ্য ।

আনহাতে বিভাব কুমাৰেও স্বাতী মালিৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বিভাবৰ অভিযোগ আনুসৰি স্বাতী মালিৱালে অনুমতি অবিহনে কেজৰিৱালৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰিছিল।