NORTHEAST NOW (Assamese)

Sylvester Stallone: পত্নীৰ সৈতে আৰু ২৫ বছৰ কটোৱাৰ আকাংক্ষা অসম্পূৰ্ণ হৈ ৰ’ল একচন হিৰো চিলভেষ্টাৰ ষ্টেলোনৰ!

August 25, 2022 8:07 pm · এন ই নাও নিউজ, গুৱাহাটী

Sylvester Stallone হলীউদৰ একচন হিৰো চিলভেষ্টাৰ ষ্টেলোন আৰু তেওঁৰ পত্নী জেনিফাৰ ফ্লেভিনে এই বছৰৰ মে মাহত তেওঁলোকৰ বিবাহৰ ২৫ তম বাৰ্ষিকী উদযাপন কৰিছিল। ৭৬ বছৰীয়া ষ্টেলোনে জেনিফাৰৰ সৈতে জীৱনৰ আৰু ২৫ বছৰ অতিবাহিত কৰিব বিচাৰিছিল। তাত জেনিফাৰ সন্মতো হৈছিল।

তেওঁ কৈছিল যে তেওঁ তেওঁৰ বাকী জীৱন ষ্টেলোনৰ সৈতেই কটাব। কিন্তু বছৰ নুঘুৰওতেই জীৱনৰ সকলো হিচাপ যেন নিমিলা অংক হৈ পৰিল। ভাঙিবলৈ লৈছে তেওঁলোকৰ সংসাৰ।

নিজৰ তিনি কন্যা সন্তানৰ সৈতে চিলভেষ্টাৰ ষ্টেলোন।

পিপল আলোচনীখৰ মতে, ৫৪ বছৰীয়া জেনিফাৰে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে। আৱেদনখন শুকুৰবাৰে ফ্ল’ৰিডাৰ পাম বীচৰ এখন আদালতত দাখিল কৰা হৈছিল।

উল্লেখ্য যে ১৯৮৮ চনত কেলিফৰ্ণিয়াৰ বেভাৰ্লি হিলছৰ এখন ৰেষ্টুৰেণ্টৰ পৰা চিলভেষ্টাৰ ষ্টেলোন আৰু জেনিফাৰ ফ্লেভিনৰ সম্পৰ্কটো আৰম্ভ হৈছিল।

চলচ্চিত্ৰৰ বিভিন্ন ভংগিমাত চিলভেষ্টাৰ ষ্টেলোন।

১৯৯৭ চনত তেওঁলোক বিবাহ পাশত আৱদ্ধ হৈছিল। সেই বিয়াখনক বছৰটোৰ আটাইতকৈ চৰ্চিত বিবাহ বুলি আখ্যা দিয়া হৈছিল। চিলভেষ্টাৰ ষ্টেলোন আৰু জেনিফাৰ ফ্লেভিনৰ তিনিটা সন্তান আছে।

Related News