NORTHEAST NOW (Assamese)
অসম

আহোম জনগোষ্ঠীক পূৰ্ব বংগীয় মুছলমানৰ সৈতে তুলনা, তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 27, 2021 4:17 pm
Cyclone Yaas likely to hit Assam, Meghalaya

অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহে আহোম জনগোষ্ঠীক পূৰ্ব বংগীয় মুছলমানৰ সৈতে তুলনা কৰি যি মন্তব্য আগবঢ়াইছিল তাক লৈ এতিয়া সমগ্ৰ উজনি অসমতে প্ৰতিবাদৰ সৃষ্টি হৈছে।

বৃহস্পতিবাৰে টীয়কৰ ঐতিহাসিক লাচিত মৈদামৰ প্ৰাংগণত ক’ভিড প্ৰট’কল মানি যোৰহাট জিলা টাই আহোম ছাত্ৰ সন্থা আৰু জিলা আহোম সেনাৰ লগতে কেইবাগৰাকীও সচেতন ব্যক্তিয়ে ভৰত নৰহৰ পুত্তলিকা দাহ কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠন কেইটাই ৬০০ বছৰীয়া আহোম ৰাজত্বক বংগীয় মুছলমানৰ লগত তুলনা কৰা ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰি অনতিপলমে ক্ষমা বিচাৰিবলৈ দাবী কৰিছে।

অন্যথা আহোম অধ্যুষিত অঞ্চলত ভৰত নৰহৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলিও হুংকাৰ দিছে টাই আহোম ছাত্ৰ সন্থা আৰু আহোম সেনাই।