NORTHEAST NOW (Assamese)
অসম

বাতৰিত গা লৰিল চৰকাৰৰ: অফলাৰ গৰাখহনীয়া পৰিদৰ্শন কৰিলে মন্ত্ৰী যোগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈয়ে

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 27, 2021 4:34 pm
Cyclone Yaas likely to hit Assam, Meghalaya

অৱশেষত দিচাংমুখৰ অফলাৰ দীৰ্ঘদিনীয়া গৰাখহনীয়া সমস্যা সমাধানৰ পথত ।

আজি অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অফলালৈ গৈ পৰিদৰ্শন কৰে গৰাখহনীয়াৰ স্থান।

বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি অফলাৰ এই গৰাখহনীয়া ৰোধৰ বাবে সদ্যসতে প্ৰায় ডেৰ কোটি টকাৰ এক আঁচনিৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে বুধবাৰে নৰ্থইষ্ট নাওত অফলাৰ গৰাখহনীয়াৰ এক বাতৰি সম্প্ৰচাৰ হৈছিল।
নৰ্থইষ্ট নাওৰ বাতৰিৰ পিছতেই তৎপৰ হৈ পৰে অসম চৰকাৰ আৰু আজি অসম চৰকাৰৰ হৈ মন্ত্ৰী যেগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈয়ে অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে অতি শীঘ্ৰে গৰাখহনীয়াৰ সমস্যা সমাধান কৰা হব বুলি ঘোষণা কৰে।

উল্লেখ্য যে অফলাবাসীৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানত কোনো গুৰুত্ব প্ৰদান নকৰাৰ এক অভিযোগ কৰিছিল স্থানীয় ৰাইজে।