NORTHEAST NOW (Assamese)

দৰ্জীৰ কন্যাৰ অনুপ্ৰেৰণাদায়ক সফলতা: UPSC-ত ৩৬৫ সংখ্যক স্থান লাভ কৰিলে নিহাৰিকাই

March 13, 2026 6:28 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা কিছুদিন আগত ঘোষিত অসামৰিক সেৱা পৰীক্ষাৰ ফলাফলত বিহাৰৰ চাহিবগঞ্জৰ নিহাৰিকা সিনহাই ৩৬৫ সংখ্যক স্থান লাভকৰি সমগ্ৰ অঞ্চলটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অতি সাধাৰণ পৰিয়ালৰ পৰা অহা নিহাৰিকাৰ এই সফলতাই আজি বহুতো ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁৰ পিতৃ নিৰঞ্জন সিনহা এজন দৰ্জী আৰু মাতৃ শবনম কুমাৰী স্বাস্থ্য বিভাগত এগৰাকী ঠিকাভিত্তিক নাৰ্ছ হিচাপে কৰ্মৰত। অৰ্থনৈতিক সীমাবদ্ধতাৰ মাজতো নিজৰ লক্ষ্যৰ পৰা অলৰ-অচৰ হৈ নিহাৰিকাই এই সফলতা অৰ্জন কৰিছে।

মেধাৱী নিহাৰিকাই স্কুলীয়া জীৱনৰ পৰাই পঢ়া-শুনাত যথেষ্ট ভাল আছিল। তেওঁ ২০১৮ চনত চাহিবগঞ্জৰ ছেইণ্ট জেভিয়াৰ স্কুলৰ পৰা দশম শ্ৰেণী আৰু ২০২০ চনত ৰাঁচীৰ জৱাহৰ বিদ্যা মন্দিৰৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ কলকাতাৰ ছেইণ্ট জেভিয়াৰ কলেজত নামভৰ্তি কৰি ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী শেষ কৰাৰ পিছত নিহাৰিকাই ইউ পি এছ চি পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে দিল্লীলৈ যাত্ৰা কৰে।

নিহাৰিকাৰ এই যাত্ৰা ইমান সহজ নাছিল। ২০২৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও মূল পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল। অৱশ্যে প্ৰথমটো বিফলতাই তেওঁক নিৰুৎসাহিত কৰিব পৰা নাছিল। বিপৰীতে, তেওঁ নিজৰ ভুলবোৰ শুধৰাই লৈ অধিক দৃঢ়তাৰে দ্বিতীয়বাৰৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। তেওঁৰ এই কষ্ট আৰু অধ্যাৱসায়ৰ ফলস্বৰূপে ২০২৫ চনৰ পৰীক্ষাত তেওঁ ৩৬৫ নম্বৰ স্থান লাভ কৰি নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হয়।

Related News