NORTHEAST NOW (Assamese)

জন্তুৰ প্ৰতি নিষ্ঠুৰতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান অসমৰ সাংসদৰ

July 20, 2019 5:16 pm · এন ই নাও নিউজ
মিজোৰামত হাতীজনীৰ মাংস ভাগ কৰাৰ ছবি।

অসমৰ চুবুৰীয়া নাগালেণ্ড আৰু মিজোৰামত শেহতীয়াকৈ দুটাকৈ হাতী ভোজনৰ ঘটনাৰ পিছতে জন্তু নৃশংসতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অসমৰ দুই সাংসদে।

নাগালেণ্ডত গুলীয়াই বধ কৰি হাতীটো ভক্ষণ কৰাৰ বিপৰীতে মিজোৰামত মৃত এজনী হাতীৰ মাংস ৰাজহুৱাকৈ বিতৰণ কৰা হৈছিল।

দেশজুৰি বন্যপ্ৰাণী আৰু পৰিৱেশ কৰ্মীসকলৰ মাজত প্ৰতিক্ৰিয়া কৰা ঘটনাকেইটাৰ শনিবাৰে গৰিহণা দিছে সাংসদ ৰিপুণ বৰা আৰু নৱ শৰণীয়াই।

“ঘটনাকেইটা সঁচাকৈয়ে দুৰ্ভাগ্যজনক,” অঅসম প্ৰদেশ কংগ্ৰেছ সভাপতি বৰাই কয়।

সমগ্ৰ অপৰাধত জৰিতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে বৰাই কেন্দ্ৰ আৰু সংশ্লিষ্ট দুয়ো ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

“আমি সকলো জন্তুকে সুৰক্ষা দিয়া উচিত… জন্তু সুৰক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে। আৰু অধিক গুৰুতৰ কথাটো হৈছে জন্তু মাৰি মানুহে ভোজৰ বাবে ব্যৱহাৰ কৰিছে। আমি সকলো জন্তু আৰু পৰিৱেশৰ সুৰক্ষা দিব লাগে,” বৰাই কয়।

লগতে পঢ়ক– বিয়াগোম হাতীৰ মাংসৰ শতাধিক ভাগ

বৰাৰ অনুৰূপ মত দাঙি ধৰিছে কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদ নৱ শৰণীয়াই।

“চৰকাৰে এনে নিষ্ঠুৰতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে। লগতে এই সন্দৰ্ভত ৰাইজক সজাগ কৰাৰো ব্যৱস্থা কৰিব লাগে,” শৰণীয়াই কয়।

দুয়োটা ঘটনাই চ’চিয়েল মিডিয়াত তুমুল চৰ্চা লাভ কৰিছিল।

বাংগালোৰৰ প্ৰসিদ্ধ বন্যপ্ৰাণী অধিকাৰ কৰ্মী সুপৰ্ণা গাংগুলীয়ে দেওবাৰে মিজোৰামত হাতীৰ মাংসৰে ভোজ খোৱা বিষয়টো সন্দৰ্ভত পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ প্ৰজেক্ট এলিফেন্ট ডিভিজনলৈ পত্ৰ লিখিছিল।

ৱাইল্ড লাইফ ৰেচকিউ এণ্ড ৰিহেবিলিশ্যন চেন্টাৰৰ সহ-প্ৰতিষ্ঠাপক ট্ৰাষ্টী গাংগুলীয়ে প্ৰজেক্ট এলিফেন্ট ডিভিজনৰ মুৰব্বী নয়েল থমাছক ঘটনা সন্দৰ্ভত তাৎক্ষণিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল।

বাতৰি অনুসৰি, মধ্য নাগালেণ্ডৰ ঝুনেবুটো জিলাৰ লিটামি গাঁৱৰ সমীপৰ এখন জংঘলত এটা হাতী গুলীয়াই হত্যা কৰা হৈছিল। বুধবাৰে এই ঘটনাটো সংঘটিত হৈছিল।

হাতীটোৰ ছাল ছেলাই পেলোৱা হয় আৰু ইয়াৰ মাংস খাবৰ বাবে গাঁৱবাসীৰ মাজত সমানে বিতৰণ কৰা হয়।

আশ্চৰ্যজনকভাৱে, হাতীটোৰ হত্যা সন্দৰ্ভত নাগালেণ্ডৰ বন বিভাগৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাছিল।

হাতীটো বনৰীয়া আছিল নে পোহনীয়া আছিল আৰু হাতীটোৰ হত্যাৰ বাবে প্ৰকৃততে কোন জগৰীয়া সেয়া নিশ্চিত হ’ব পৰা নাই।

আনহাতে, লক্ষ্মী নামৰ এটা ৪৭ বছৰীয়া পোহনীয়া হাতীৰ ত্ৰিপুৰাৰ জামপুই পাহাৰৰ সীমান্তৰ পশ্চিম মিজোৰামৰ মামিট জিলাৰ কানমুন ফৰেষ্ট ৰেঞ্জৰ সমীপত কেইদিনমান পূৰ্বে মৃত্যু হৈছিল।

জানিব পৰা মতে দক্ষিণ অসমৰ কাছাৰ জিলাৰ সোনাইৰ হাতীটোৰ গৰাকীয়ে কানমুন ফৰেষ্ট ৰেঞ্জৰ সমীপৰ এগৰাকী কাঠৰ ব্যৱসায়ীক গধূৰ কাঠৰ কুণ্ডা কঢ়িয়াবলৈ হাতীটো ভাড়াত দিছিল।

তাৎপৰ্যপূৰ্ণভাৱে, অসমৰ বন বিভাগৰ জ্যেষ্ঠ বিষয়াই লক্ষ্মী নামৰ হাতীটো মিজোৰামলৈ নিয়াৰ বাবে কোনো অনুমতি প্ৰদান কৰা নাছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, দুয়োখন ৰাজ্যৰ বন্যপ্ৰাণী বিভাগৰ মুৰব্বীৰ অনুমোদন অবিহনে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ হাতী পৰিবহণ কৰিব নোৱাৰে।

Related News