NORTHEAST NOW (Assamese)

কৃষি আইন বাতিলৰ পিছতে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মোদীলৈ পত্ৰ লিখিলে বিজেপিৰে সাংসদে

November 20, 2021 7:26 pm · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ ঘোষণাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে এই আইনসমূহৰ সমালোচনা কৰি অহা বিজেপি সাংসদ বৰুণ গান্ধীয়ে কয় যে এই সিদ্ধান্ত আগতে লোৱা হ’লে কৃষকসকলৰ বহুতো নিৰীহ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন।

শনিবাৰে মোডীলৈ লিখা এখন পত্ৰত উত্তৰ প্ৰদেশৰ পিলিভিটৰ বিজেপিৰ সাংসদগৰাকীয়ে প্ৰতিবাদত নিহত পৰিয়ালৰ বাবে ১ কোটি টকাৰ ক্ষতিপূৰণ দিবলৈ আহ্বান জনায়।

তদুপৰি গান্ধীয়ে প্ৰতিবাদকাৰী কৃষক সকলৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত মিছা এজাহাৰ প্ৰত্যাহাৰ কৰাৰ লগতে MSP সহ কৃষক সকলৰ অন্য দাবীৰ ওপৰত চৰ্চা কৰিবলৈ আহ্বান জনায় পত্ৰখনত।

পত্ৰখনত গান্ধীয়ে প্ৰধানমন্ত্ৰীক লখিমপুৰ খেৰীত সংঘটিত কৃষক হত্যাকাণ্ডৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈও আহ্বান জনায়। উল্লেখ্য যে ৩ অক্টোবৰত লখিমপুৰ খেৰীত কৃষক হত্যাত কেন্দ্ৰীয় মন্ত্ৰী জনৰ পুত্ৰ আশীষ মিশ্ৰ মুল অভিযুক্ত আৰু তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

 

বিৰোধী নেতা সকলে কেন্দ্ৰীয় চৰকাৰে মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে কোনো প্ৰদক্ষেপ নোলোৱাৰ বাবে তীব্ৰ সমালোচনা কৰি আহিছে। বিজেপি সাংসদ বৰুণ গান্ধীয়েও অজয় মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে খেৰী কাণ্ডৰ উপযুক্ত তদন্ত দাবী কৰি আহিছে।

তদুপৰি তেওঁ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা কৃষকসকলৰ সমৰ্থনতো থিয় হৈ আহিছে। ইয়াৰ শাস্তি স্বৰূপেই বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ পৰা বাদ দিয়া হৈছিল গান্ধীক।

প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত বিজেপি সাংসদ গৰাকীয়ে খেৰী হিংসাত্মক ঘটনা সন্দৰ্ভত কয়, “হৃদয়বিদাৰক ঘটনাটো আমাৰ গণতন্ত্ৰৰ ওপৰত এক কলঙ্ক। এই ঘটনাৰ সৈতে সম্পৰ্কিত কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে উপযুক্তভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনাক মোৰ অনুৰোধ। ঘটনাটোৰ যাতে উচিত তদন্ত হয়।”

Related News