NORTHEAST NOW (Assamese)

হিজাব পিন্ধি ৰাস্তাত! অহো, এইবাৰ ৰেষ্টুৰেণ্টতো মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে তালিবানে

April 11, 2023 1:00 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

আফগানিস্তানত জাৰি কৰা হৈছে আন এক তালিবানী ফতোৱা। তালিবান চৰকাৰে মহিলাসকলক ৰেষ্টুৰেণ্টত প্ৰৱেশ নিষিদ্ধ কৰিছে। অভিযোগ অনুসৰি বৰ্তমান বহুতেই হিজাব পৰিধান নকৰাকৈ ৰাজপথলৈ ওলাই আহিছে। ৰেষ্টুৰেণ্টতো মহিলাক হিজাব নোহোৱাকৈ যোৱা দেখা গৈছে। সেয়ে, চৰকাৰে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

আফগানিস্তানৰ ধৰ্মীয় ব্যক্তিসকলে হিজাব অবিহনে মহিলাসকলৰ আচৰণক লৈ চৰকাৰী বিষয়াৰ ওচৰত অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ অভিযোগ যে মহিলাসকলে হিজাব পৰিধান নকৰি ধৰ্মীয় নিয়ম অমান্য কৰিছে। ফলত ৰেষ্টুৰেণ্টত পুৰুষ-মহিলাই একেলগে মিলামিছা কৰিছে। এনে লিংগ সংমিশ্ৰণ বাঞ্ছনীয় নহয়।

তালিবানে ৰেষ্টুৰেণ্টত মহিলাৰ প্ৰৱেশ নিষেধাজ্ঞা বৰ্তমান আফগান চহৰ হেৰাটৰ কিছুমান ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিছে। মুকলি ঠাই থকা, সেউজীয়া আৰু বিশাল বাগিচাৰে আগুৰি থকা ৰেষ্টুৰেণ্টবোৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই ৰেষ্টুৰেণ্ট কেৱল পুৰুষৰ বাবে। কিন্তু পৰিয়াল বা কোনো মহিলাক তালৈ নিব নোৱাৰিব।

তালিবানৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এই নিষেধাজ্ঞা কেৱল উদ্যান থকা মুকলি ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰতহে প্ৰযোজ্য য’ত পুৰুষ আৰু মহিলা একেলগে বহিব পাৰে। সাধাৰণ ৰাইজৰ লগতে দেশৰ বিশিষ্ট ব্যক্তিসকলৰ পৰা বাৰে বাৰে অভিযোগ লাভ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

তালিবানে দেশৰ অন্যান্য ৰেষ্টুৰেণ্ট আৰু উদ্যানসমূহকো নিৰীক্ষণ কৰি আছে। মহিলা আৰু পুৰুষে অধিক মিলামিছা কৰিলে নিষেধাজ্ঞা আৰোপ কৰা হ’ব।

Related News