NORTHEAST NOW (Assamese)

নুৰ খান বিমান ঘাটিকে ধৰি পাকিস্তানৰ একাধিক স্থানত তালিবানৰ বিমান আক্ৰমণ; আৰু কঠোৰ প্ৰত্যুত্তৰৰ সকীয়নি

March 2, 2026 11:31 am · এন ই নাও নিউজ, গুৱাহাটী

ইছলামবাদৰ সকীয়নিক গুৰুত্বই নিদিলে তালিবান চৰকাৰে। পশ্চিম এছিয়াত ইৰাণ-আমেৰিকাৰ যুদ্ধৰ মাজতে পাকিস্তানৰ ওপৰত বিমান আক্ৰমণ চলাইছে তালিবানে। আফগানিস্তানত হোৱা বিমান আক্ৰমণৰ প্ৰতিশোধ হিচাপে দেওবাৰে মাজনিশা তালিবানে পাকিস্তানৰ একাধিক গুৰুত্বপূৰ্ণ ঘাটিত ড্ৰ’ন আক্ৰমণ চলায়।

এই আক্ৰমণৰ ফলত ৰাৱালপিণ্ডিৰ নুৰ খান বিমান ঘাটিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক ঘাটিৰ ব্যাপক ক্ষতিসাধন হয়। উল্লেখ্য যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতৰ আক্ৰমণতো নুৰ খান বিমান ঘাটিৰ ক্ষতিসাধন হৈছিল।

সূত্ৰ অনুসৰি, আফগানিস্তানে শনিবাৰে মাজনিশাৰ পিছত আৰু দেওবাৰে পুৱাৰ ভাগত ডুৰাণ্ড লাইন সীমান্ত অতিক্ৰমি একাধিক ড্ৰ’ন আক্ৰমণ চলায়। তাৰ তালিবান নেতৃত্বাধীন প্ৰতিৰক্ষা মন্ত্ৰালয়েও এক বিবৃতি প্ৰকাশ কৰি এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।

এক্সত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ইয়াৰ বায়ুসেনাই পাকিস্তানৰ ভিতৰৰ একাধিক লক্ষ্যত “নিখুঁত আৰু সমন্বিত” আক্ৰমণ চলাইছিল। এই তালিকাত আছিল বেলুচিস্তানৰ কুৱেটাত থকা ১২ নং ডিভিজনৰ মুখ্য কাৰ্যালয়, নূৰ খান বিমানঘাটি, খাইবাৰ পাখতুনখোৱাৰ মহম্মদ এজেন্সীৰ খোইজো শিবিৰকে ধৰি কেইবাটাও সামৰিক ঘাটি। এই আক্ৰমণত যথেষ্ট ক্ষতিসাধন হয় যদিও ইছলামবাদৰ পৰা কোনো প্ৰতিক্ৰিয়া দেখা পোৱা নগ’ল।

বিবৃতিটোত আফগানিস্তানৰ তালিবান নেতৃত্বাধীন চৰকাৰে পাকিস্তানক কঠোৰ সতৰ্কবাণীও জাৰি কৰিছে। আফগানিস্তানে কয় যে যদি পাকিস্তানে পুনৰ তেওঁলোকৰ আকাশমাৰ্গ উলংঘা কৰে বা পুনৰ কোনো আগ্ৰাসী পদক্ষেপ গ্ৰহণ কৰে তেন্তে ইছলামবাদে অধিক ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব।

বিগত কিছুদিনত দুয়োখন দেশৰ মাজত সংঘাত তীব্রতৰ হৈ পৰিছে৷ শনিবাৰে পাকিস্তানে কাবুল আৰু বাগ্ৰামত বিমান আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে আফগানিস্তানে। ইয়াৰ পূৰ্বে ২২ ফেব্ৰুৱাৰীত পাকিস্তানে আফগান সীমান্তত বিমান আক্ৰমণ চলাইছিল। এই বিমান আক্ৰমণত কেইবাজনো নিৰীহ আফগান সাধাৰণ নাগৰিকৰ মৃত্যু হয়।

চাৰিদিন পিছত ২৬ ফেব্ৰুৱাৰীত আফগানিস্তানে প্ৰত্যাক্ৰমণ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে বাগ্ৰামত বিমান আক্ৰমণ চলায়। আনহাতে, আফগান বিমান আক্ৰমণৰ পিছত পাকিস্তানৰ চীনৰ বিমান প্ৰতিৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

Related News