NORTHEAST NOW (Assamese)

আফগানিস্তানৰ মহিলাই ভাগ ল’ব নোৱাৰিব কোনো খেলত! কঠোৰ স্থিতিত তালিবান

September 9, 2021 11:57 am · এন ই নাও নিউজ

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানৰ প্ৰায় ১০০ শতাংশ অঞ্চল নিজৰ দখললৈ নিয়া তালিবানে এতিয়া দেশ খনত নিজৰ চৰকাৰ গঠন কৰিছে।

চৰকাৰ গঠনৰ পিছতে তালিবানে আফগানিস্তানৰ বহু নিয়ম সলনি কৰি পেলাবলৈ উদ্যত হৈছে।

মহিলাক সদায় অবদমন কৰি ৰাখিব বিচৰা তালিবানে আফগান মহিলাক কোনো ধৰণৰ খেলত ভাগ লোৱাৰ পৰা বঞ্চিত কৰিবলৈ ওলোৱা বুলি খবৰ প্ৰকাশ পাইছে।

প্ৰাপ্ত খবৰ অনুসৰি তালিবানৰ নেতা আহমাদুল্লা ৱাছিকে মহিলাসকলক খেলৰ পৰা বিৰত থাকিবলৈ সকিয়াই দি এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে।

বিজ্ঞপ্তি খনত সন্ত্ৰাসবাদী নেতা জনে এই বুলি কৈছে যে খেলৰ সময়ত মহিলাৰ দেহৰ কোনো অংশ ওলাই থকাটো ইছলামৰ পৰিপন্থী কাৰ্য।

বিশেষকৈ ক্ৰিকেট খেলাৰ সময়ত মহিলাসকলে তেওঁলোকৰ দেহৰ সকলো অংগ কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰে ।

সেইবাবে আফগান মহিলাক এনে খেলত ভাগ ল’বলৈ দিয়া নহ’ব।

তালিবানৰ নেতা জনৰ এনে বিজ্ঞপ্তি যদি সঁচা হয় তেন্তে বহু প্ৰতিভাৱান আফগান মহিলা খেলুৱৈৰৈ সপোন কলিতে মৰহি যোৱাটো নিশ্চিত।

ইপিনে তালিবানৰ এনে স্থিতিৰ পিছতে অষ্ট্ৰেলিয়াই আফগানিস্তানৰ সৈতে অনুষ্ঠিত কৰিবলগীয়া মহিলা ক্ৰিকেট মেছ বাতিল কৰাৰ কথা ঘোষণা কৰিছে।

Related News