NORTHEAST NOW (Assamese)
Popular Stories

এডাল বিষাক্ত সাপ ভক্ষণ কৰি গ্ৰেপ্তাৰ আৰু জৰিমণাৰ সন্মুখিন হ’ল এজন লোক, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2021 9:15 pm

এডাল বিষাক্ত সাপ ভক্ষণ কৰি গ্ৰেপ্তাৰৰ সন্মুখিন হ’ব লগা হ’ল এজন লোক!

গ্ৰেপ্তাৰৰ উপৰিও তেওঁক ৭,০০০ টকাৰ জৰিমণাও বিহা হৈছে।

অবিশ্বাস্য ঘটনাটো সংঘটিত হৈছে তামিলনাডুত।

ৰাজ্যখনৰ তিৰুনেভেলি জিলাৰ পেৰুমালপট্টী গাঁঁৱৰ এজন ৫০ বৰ্ষীয় লোকে এডাল সাপ ভক্ষণ কৰাৰ ভিডিঅ’ চলিত সপ্তাহটোত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

ভিডিঅ’টোত লোকজনে কোৱা শুনা যায় যে সাপৰ ক’ভিড-১৯ প্ৰতিহত কৰিব পৰা শক্তি আছে।

বৃহস্পতিবাৰে ৰাজ্যখনৰ বন মন্ত্ৰালয়ে লোকজনক গ্ৰেপ্তাৰ কৰে।

তদুৰি পৰিৱেশকৰ্মীসকলৰ অভিযোগৰ ভিত্তিত ৭০০০ হেজাৰ টকা জৰিমণাও ভৰা হয়।

স্থানীয় প্ৰশাসনে জনোৱামতে, আনৰ প্ৰৰোচনাত পৰি লোকজনে এই কাম সংঘটিত কৰিছিল।