NORTHEAST NOW (Assamese)
অসম

নগা দুৰ্বৃত্তৰ আক্ৰমণ: সীমান্তত অনশনত বহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2021 8:48 pm
rr

কালি অসম-নগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসনৰ বুজ ল’বলৈ যোৱাৰ সময়তে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল।

এই ঘটনাৰ পিছতো আৰক্ষীয়ে কোনো এজন দুৰ্বৃত্তকে কৰায়ত্ব কৰিব নোৱাৰাৰ প্ৰতিবাদত আজি বিধায়ক কুৰ্মীয়ে সীমান্তত অনশনত বহে। বিধায়কগৰাকীয়ে সীমান্তত নগাৰ আগ্ৰাসনৰ বিষয়টোৰ সমাধান কৰিবলৈ চৰকাৰক ২৪ ঘণ্টাৰ সময় বান্ধি দিছিল।

কিন্তু চৰকাৰে এই বিষয়ত বিশেষ কোনো সফলতা লাভ নকৰাত বিধায়ক কুৰ্মীয়ে অনশনত বহে। ইপিনে আজি অসম চৰকাৰৰ এটা প্ৰতিনিধিৰ দলে কালি বিধায়কগৰাকীক আক্ৰমণ কৰা স্থান পৰিদৰ্শন কৰে। অসম চৰকাৰৰ প্ৰতিনিধিৰ দলটোৱে নগালেণ্ডৰ শীৰ্ষ বিষয়াৰে শীঘ্ৰে আলোচনাত মিলিত হ’ব।

উল্লেখ্য কালি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি বন্দুকধাৰী নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰো ঘটনা সংঘটিত হৈছিল ।

এই ঘটনাত কোনোমতে প্ৰাণৰক্ষা পৰে কংগ্ৰেছী বিধায়কগৰাকীৰ।

জানিব পৰা মতে, বন বিভাগৰ লোক আৰু সাংবাদিকৰ এটা দলৰ সৈতে মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী।

নিউ সোণোৱাল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত তথা নিউ সোণোৱাল সীমান্ত নিৰীক্ষণ চকী তথা খেৰেমীয়া সীমান্ত নিৰীক্ষণ চকীৰ মাজৰ নামনি বনগাঁও আৰু ভৱানীপুৰ গাঁৱৰ কাষতে লাগি থকা দিচৈ ভেলী বনাঞ্চলত নগাই কেইবা হেক্টৰ বনভূমি ধ্বংস কৰি এখন নতুন গাঁও স্থাপন কৰিছে।

নগা লোকৰ এই বেদখল পৰিদৰ্শন কৰিবলৈ বিধায়কগৰাকী বন বিভাগৰ লোক আৰু সাংবাদিকৰ দলৰ সৈতে তালৈ গৈছিল।

এনদৰে বেদখল পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে হাতে হাতে বন্দুক লৈ ওলাই অহা নগা দুৰ্বৃত্তই ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰে।

উল্লেখ্য যে অসম-নাগালেণ্ড সীমান্তত নগাই অসমৰ ভূমি বেদখল কৰি গৰ সজোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে সংঘটিত এনে ঘটনাই স্বাভাৱিকতে পুনৰ উত্তেজনা সৃষ্টি কৰা পৰিলক্ষিত হৈছে।