NORTHEAST NOW (Assamese)

হোটেলৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অভিনেত্ৰীৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য

December 9, 2020 2:59 pm · এন ই নাও নিউজ
Updated: December 9, 2020 4:17 pm

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য মাৰ নৌযাওঁতেই পুনৰ এগৰাকী অভিনেত্ৰীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চেন্নাইৰ এখন হোটেলৰ  এটা কোঠাত উদ্ধাৰ হৈছে তামিল অভিনেত্ৰী ভি জে চিত্ৰাৰ নিথৰ দেহ।

হোটেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ হোৱা অভিনেত্ৰীগৰাকীৰ মৃতদেহটোলৈ লক্ষ্য কৰি এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে বহুতে।

২৮ বছৰীয়া তামিল অভিনেত্ৰীগৰাকীয়ে তামিল ছবিৰ উপৰি সৰু পৰ্দাৰ বহু কেইখন ধাৰাবাহিকত অভিনয় কৰিছে।

সম্প্ৰতি তামিল ভাষাৰ সৰু পৰ্দাৰ ধাৰাবাহিক ‘পণ্ডিয়ান ষ্টোৰছ’ত কৰা অভিনয়ৰ জৰিয়ে চিত্ৰাই দৰ্শকৰ হৃদয়ত এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

জানিব পৰা মতে যোৱা নিশা প্ৰায় ২.৪৫ বজালৈ ইভিপি ফিল্ম চিটিত শ্বুটিং কৰাৰ পিছত অভিনেত্ৰীগৰাকী উভতি আহিছিল তেওঁ থকা হোটেল খনলৈ।

সেই সময়ত অভিনেত্ৰীগৰাকীৰ সৈতে তেওঁৰ ভাবী স্বামী হেমন্তও আছিল।

আজি পুৱা কোঠাৰ ভিতৰত অভিনেত্ৰী চিত্ৰাৰ মৃতদেহ উদ্ধাৰ হয়। লক্ষ্যণীয় কথাটো হ’ল পুৱতি নিশালৈ অভিনেত্ৰী চিত্ৰাই সৈতে একেলগে থকা তেওঁৰ ভাবী স্বামী হেমন্তক পিছে পুৱা হোটেল খনত বিচাৰি পোৱা নগ’ল।

অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে তেওঁৰ শুভাকাংক্ষীসকলে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Related News