NORTHEAST NOW (Assamese)

তামুলপুৰ জিলা উকিল সন্থাৰ তদৰ্থ সমিতি গঠন

September 12, 2021 5:54 pm · দীপক কুমাৰ পাঠক

তামুলপুৰ মহকুমাৰ এন,কে দৰংগাস্থিত হোটেল ড্ৰেগনৰ সভা কক্ষত তামুলপুৰ মহকুমাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ অধিবক্তা সকলক লৈ  তামুলপুৰ জিলা উকিল সন্থা গঠনৰ উদ্দেশ্যে সভা অনুস্থিত হয় ৷

তামুলপুৰৰ জ্যেষ্ঠ  অধিবক্তা নৰকান্ত দাসৰ সভাপতিত্বত অনুস্থিত হয় সভাখন।

এই সভাত অনচুমা বড়োক সভাপতি,

আব্দুল চান আজাদক কাৰ্যকৰী সভাপতি, কিশোৰ বছনেতক সাধাৰন সম্পাদক,  প্ৰদীপ দাসক সহ-সম্পাদক  হিচাপে লৈ তামুলপুৰ জিলা উকিল সন্থাৰ তদৰ্থ সমিতিখন গঠন কৰা হয় ৷

অহা ২৬ ছেপ্তেম্বৰত তামুলপুৰ অনুস্থিত হব লগা  সন্থাৰ পৰবৰ্তী সভাত তামুলপুৰ  জিলা  উকিল  সন্থাৰ পূৰ্নাংগ সমিতি খন গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

তদৰ্থ সমিতিৰ সাধাৰন সম্পাদক কিশোৰ বচনেতে কয় – বিগত বিধান সভাৰ বাজেট অধিবেশনত তামুলপুৰক জিলা ঘোষনা কৰাৰ প্ৰস্তাৱ গৃহীত কৰা হয় ৷ জিলা গঠন হোৱাৰ পিছতেই

বিভিন্ন ন্যায়িক কাম সমুহ জিলা সদৰত কৰাত সুবিধা হব৷ৰাইজৰ মামলা মোকৰ্দমা সমুহৰ বাবে আইনী সুবিধা সমূহ পোৱাত সুবিধা হব।

অধিবক্তা অনচুমা বড়োই আঁত ধৰা আজিৰ সভাত  তামুলপুৰ অধিবক্তা প্ৰদীপ দাস, কংকৰ ৰাজবংশী, বলেন চন্দ্ৰ বড়োকে কৰি  তামুলপুৰ মহকুমাৰ প্ৰায় ২৫ গৰাকী অধিবক্তা উপস্থিত থাকে ৷

Related News