NORTHEAST NOW (Assamese)

তামুলপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হত্যাকাণ্ডত জড়িত দুর্ধর্ষ পলাতক অপৰাধী গোলাম নবী আজাদ

September 11, 2021 8:58 am · দীপক কুমাৰ পাঠক
Updated: September 11, 2021 10:29 am
তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ অপৰাধী গোলাম নবী আজাদ। ফটো: নৰ্থইষ্ট নাও।

তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাউৰবাহা আৰক্ষী চকীৰ অন্তৰ্গত বিহাপাৰত আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই হত্যাকাণ্ডৰ সৈতে জড়িত এজন দুৰ্ধর্ষ অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ হাতত আটক হোৱা অপৰাধীজন হৈছে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খন্দিকৰ গাঁও নিবাসী ৰহিম বক্সৰ ৩৭ বছৰীয়া পুত্ৰ গোলাম নবী আজাদ।

উল্লেখ্য যে ২০১৮ চনত বিহাপাৰাত আনচাৰ আলি (৩৭) নামৰ এজন লোকক চাৰি গৰাকী দুৰ্বৃত্তই হত্যা কৰিছিল।

কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষী থানাত গোচৰ নম্বৰ ৪৩১/১৮ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/৩৪ ধৰাত গোচৰ ৰুজু হৈছিল।

এই হত্যাকাণ্ডৰ তিনিজন মূল অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল যদিও গোলাম নবী আজাদ পলাতক অৱস্থাত আছিল।

পৰৱৰ্তী সময়ত এই গোচৰটো চিআইডি-য়ে লৈছিল। চিআইডিৰ নিৰ্দেশ মৰ্মে গোপন সূত্ৰৰ পম খেদি কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লালচান অলিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিহাপাৰাত অভিযান চলাই শুকুৰবাৰে নিশা প্ৰায় ৮-৩০ বজাত হত্যাকাণ্ডৰ লগত জড়িত  দুৰ্ধর্ষ অপৰাধী গোলাম নবী আজাদক খেদি খেদি আটক কৰিবলৈ সক্ষম হয়।

হত্যাকাণ্ডৰ সৈতে জড়িত দুৰ্ধর্ষ অপৰাধী গোলামক আটক কৰা ঘটনা তামুলপুৰ আৰক্ষীৰ এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে।

Related News