NORTHEAST NOW (Assamese)

দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ তামুলপুৰ প্ৰেছ ক্লাবৰ

April 6, 2020 4:47 pm · দীপক কুমাৰ পাঠক

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ বাবে বিপদত পৰা দৰিদ্ৰ লোকসকলৰ মাজত তামুলপুৰ প্ৰেছ ক্লাবে সোমবাৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

লকডাউনৰ বাবে তামুলপুৰ অঞ্চলৰ ঠেলা আৰু ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা লোকসকলৰ আয়ৰ পথ বন্ধ হৈ পৰিছে।

ফলত পৰিয়ালসমূহ আয়ৰ পথ বন্ধ হৈ পৰাত লঘোণেও থাকিবলগীয়া হৈছে।

সেইসকলক সকাহ দিয়াৰ উদ্দেশ্যে তামুলপুৰ প্ৰেছ ক্লাবে অঞ্চলটোৰ ৮০গৰাকী লোকৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ, আলু আদি বিতৰণ কৰে।

তামুলপুৰ প্ৰেছ ক্লাবৰ সভাপতি খগেন বৈশ্যই আনুষ্ঠানিকভাৱে খাদ্য সামগ্ৰী বিতৰণৰ কাম  আৰম্ভ কৰে।

সভাপতি খগেন বৈশ্য, উপ-সভাপতি চক্ৰেশ্বৰ ডেকা, সাধাৰণ সম্পাদক ৰজনী বৰ্মনে ক্লাবৰ সদস্যসকলক নেতৃত্ব দিয়ে।

সদস্যসকলে অঞ্চলটোৰ ওডালগুৰি, কালাকুছি, চাৰাংবাৰী, পূনীয়া, কচুবাৰী, সৌৰাগুৰি আদিত ঘৰে ঘৰে গৈ সাহায্য সামগ্ৰীখিনি বিতৰণ কৰে।

Related News