NORTHEAST NOW (Assamese)
অসম

গাওঁৰক্ষী সভাপতিক ঘপিয়াই বধ তান্ত্ৰিকৰ, মৃত্যুৰে যুঁজ আন এজনৰ

Posted by: মৃদুল প্ৰীতম ডেকা November 13, 2018 4:25 pm
bhuban kalita

কামৰূপ জিলাৰ বামুন্দিৰ হাতীমূৰীয়া পাহাৰত সোমবাৰে ৰাতি জগদীশ ডেকা নামৰ এজন তান্ত্ৰিকৰ ঘাপত গাওঁৰক্ষী বাহিনীৰ সভাপতিজনে থিতাতে প্ৰাণ হেৰুওৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তান্ত্ৰিকজনৰ দাৰ ঘাপত বাহিনীৰ সভাপতি ভুৱন কলিতা ঠাইতে ঢলি পৰাৰ লগতে নৱজ্যোতি কলিতা নামৰ আন এজন সদস্যও গুৰুতৰভাৱে আহত হয়। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যুৰে যুঁজিছে আহত কলিতাই।

ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে তান্ত্ৰিক ডেকাই।

tantrik congress worker
হত্যাকাৰী তান্ত্ৰিক ডেকাৰ নামত থকা বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ পৰিচয় পত্ৰ। ছবি- নৰ্থ ইষ্ট নাও।

স্থানীয় লোকৰ অভিযোগ মতে প্ৰথমে বাক-বিতণ্ডা লগাৰ পিছতে গাওঁৰক্ষী বাহিনীৰ লোককেইজনৰ ওপৰত জঁপিয়াই পৰে তান্ত্ৰিকজন।

নলবাৰীৰ বাসিন্দা ডেকাৰ আশ্ৰমখনত দীৰ্ঘদিনধৰি যাদু-মন্ত্ৰ-বেজালি আৰু মদ-জুৱাৰ আড্ডা চলি আহিছিল। ঘটনাৰ নিশাও, স্থানীয় লোকৰ ভাষ্য মতে, সুৰাৰ ৰাগীত মাতাল তান্ত্ৰিক আৰু সংগীবৃন্দই হূলস্থূল, উদ্ভণ্ডালি কৰাত বাধা দিবলৈ গৈছিল গাওঁৰক্ষী বাহিনীৰ লোককেইজন।

শুৱালকুছি আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে তান্ত্ৰিক ডেকা এগৰাকী কংগ্ৰেছ কৰ্মী বুলি জানিব পৰা গৈছে।