NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ ৰত্নাকৰ বিজেপিত গৈ হ’ল বাল্মিকী : তৰুণ গগৈ

November 22, 2018 6:52 pm · কল্পজ্যোতি শইকীয়া

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ একালৰ নয়নৰ মণি হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যোৱাৰ পাছতে ৰত্নাকৰৰ পৰা বাল্মিকী হৈ পৰা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, বিজেপিলৈ যোৱাৰ পাছৰে পৰা একালৰ গগৈৰ মন্ত্ৰীসভাৰ অন্যতম দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুযোগ পালেই প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা যায়। একেদৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ো থমকি নাথাকি শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে।

বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ শাসনৰ কালচোৱাত আলফা নোহোৱা হৈ আছিল নেকি বুলি প্ৰশ্ন কৰাৰ লগতে ভূৱা আলফা গ্ৰেপ্তাৰ কৰা বাবে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰিব লাগে বুলিও মন্তব্য কৰিছিল।

মন কৰিবলগীয়া কথা যে, বিজেপিলৈ অহাৰ পাছতেই প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই তিনিবাৰকৈ গোচৰ ৰুজু কৰিছিল।

শৰ্মাৰ এই মন্তব্যৰ পাছতেই গগৈয়ে তেওঁক উভতি ধৰি কয়, ‘’হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ গৈ বাল্মিকী হৈছে।‘’

তেওঁ লগতে কয়, ‘’বিজেপিত ৰত্নাকৰ-বাল্মিকী সকলো আছে।‘’

তদুপৰি, হিমন্ত বিশ্বই বছৰি ২০০-৩০০ ল’ৰা আলফালৈ যোৱা বুলি কৰা মন্তব্য প্ৰৰোচনামূলক আখ্যা দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

আনহাতে, হিমন্ত বিশ্ব শৰ্মা সঘনাই দল বাগৰি ফুৰা সুবিধাবাদী বুলিও গগৈয়ে কটাক্ষ কৰে। তেওঁ কয় যে কাইলৈ হিমন্ত বিশ্ব শৰ্মা কোন দললৈ যাব তাৰ কোনো ঠিক নাই।

‘’এসময়ত হিমন্ত বিশ্ব শৰ্মা আছু, এসময়ত কংগ্ৰেছত আৰু আজি বিজেপিত, গতিকে তেওঁ কেতিয়া ক’লৈ যায় সেই কথা কোনেও নাজানে’‘ -এইদৰে কয় গগৈয়ে।

আনহাতে, ‘’লুই বাৰ্জাৰ কেলেংকাৰি আৰু সাৰদা কেলেংকাৰি সন্দৰ্ভত কলকাতাত হিমন্ত বিশ্ব শৰ্মাক জেৰা চলাইছিল’’ বুলিও গগৈয়ে সংবাদ মাধ্যমক কয়।

তেওঁ লগতে কয় যে তেনে এজন দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীকে কাষত বহুৱাই দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ কথা কয় মুখ্য মন্ত্ৰী সোণোৱালে।

তদুপৰি বৰ্তমান সময়ত আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভতো উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘’ৰাজ্যৰ আইন শৃংখলা ভয়াবহভাৱে অৱনতি ঘটিছে। চৰকাৰৰ নিৰ্লিপ্ততা, ভাষা-সংস্কৃতিৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে নৱপ্ৰজন্ম হতাশগ্ৰস্ত হৈ আলফালৈ যোৱাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।‘‘

আনহাতে, দীৰ্ঘদিন ধৰি নিখোঁজ হৈ থকা ৰেৱতী ফুকন গুপ্তহত্যাৰ বলি হোৱাৰ সন্দেহ প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। ৰেৱতী ফুকন নিখোঁজ হৈ থকা সন্দৰ্ভত গগৈয়ে কয়, ‘’ফুকন বাচি থাকিলে তেওঁ নিশ্চয় ঘৰৰ সৈতে যোগাযোগ কৰিব, কিন্তু মৃত্যু হৈছে বুলিও ক’ব পৰা নাযায়।‘’

তদুপৰি আলফাৰ সাধাৰণ সম্পাদকৰ পদবীত ফুকন কেতিয়াও অধিষ্ঠিত নহয় বুলি দাবী কৰে গগৈয়ে। তেওঁ ‘’ৰেৱতী ফুকনৰ স্তৰ বহু ওপৰত’’ বুলি মন্তব্য কৰি লগতে প্ৰশ্ন কৰি কয়, ‘‘পৰেশ বৰুৱাক মূল সূঁতিলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰা ৰেৱতী ফুকন কিয় আলফাৰ পদবী ল’বলৈ যাব?’’

Related News