NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্ষণৰ গোচৰৰ পৰা মুক্তি লাভ কৰিলে টেহেলকা আলোচনীৰ সম্পাদক তৰুণ তেজপালে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 3:01 pm

গোৱাৰ এখন আদালতে এটা পুৰণি ধৰ্ষণৰ গোচৰৰ পৰা টেহেলকা আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক তৰুণ তেজপালক মুক্তি প্ৰদান কৰিছে।

২০১৩ চনত তেজপালে এখন পঞ্চতাৰকাযুক্ত হোটেলত এগৰাকী সহকৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল।

তাৰপাছতে তেজপালে আলোচনীখনৰ সম্পাদক পদৰ পৰা অব্য়াহতি লয়।

২০১৩ চনৰ নৱেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

২০১৪ চনৰ মে মাহত তেওঁ জামিন লাভ কৰে।

২০১৭ চনত বিচাৰ আদালতখনে তেওঁক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ গোচৰটোত অভিযুক্ত কৰিছিল।

তেজপালে ইয়াৰ পাছত উচ্চতম ন্য়ায়ালয়ৰ দ্বাৰস্থ হয় আৰু উচ্চতম ন্য়ায়ালয়ে গোৱাৰ আদালতক গোচৰটো চলাই যাবলৈ আদেশ দিয়ে।

গোচৰটোৰ পৰা মুক্তিলাভ কৰাৰ পাছত তেজপালে আদালতক ধন্যবাদ প্ৰদান কৰে।

তেওঁ কয় যে যোৱা ৭ বছৰৰো অধিক কাল তেওঁৰ পৰিয়ালটোৱে মানসিক অশান্তিত ভুগি আহিছে।