NORTHEAST NOW (Assamese)

আঁতৰিল ভিভো, IPL ৰ স্প’নচৰশ্বিপৰ দায়িত্বত টাটা

January 11, 2022 5:18 pm · এন ই নাও নিউজ

চীনা মোবাইল নিৰ্মাতা কোম্পানী ভিভোক আঁতৰাই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মূল স্প’নচৰ হিচাপে আত্মপ্ৰকাশ কৰিব।

আইপিএল- ৰ পৰিচালনা পৰিষদে মঙলবাৰে এক বৈঠকত এই সিদ্ধান্ত লয়।

“হয়, টাটা গোট আই পি এলৰ মূল স্প’নচৰ হিচাপে আহি আছে।”- আই পি এলৰ অধ্যক্ষ ব্ৰজেশ পেটেলে সংবাদ মাধ্যমৰ আগত কয়।

অৱশ্যে চুক্তি সম্পৰ্কিত ধন ৰাশিৰ পৰিমাণৰ বিষয়ে বৰ্তমানলৈকে জানিব পৰা নাই।

টাটাৰ এজন মুখপাত্ৰইও এই বিষয়ত নিশ্চিতি প্ৰদান কৰাৰ বাদে বিশদ বিৱৰণ আগবঢ়োৱা নাই।

উল্লেখ্য যে ২০১৮-২০২২ বৰ্ষৰ মূল স্প’নচৰ হিচাপে ভিভোই ২২০০ কোটি টকাৰ চুক্তি সম্পাদন কৰিছিল।

কিন্তু ২০২০ চনত ভাৰত আৰু চীনা সৈন্যৰ মাজত গালৱান ভেলীৰ সামৰিক মুখামুখি হোৱাৰ পিছত ব্ৰেণ্ডটোৱে এবছৰৰ বাবে স্প’নচৰৰ দায়িত্বৰ পৰা আঁতৰি যায় আৰু ড্ৰীম 11 এ স্প’নচৰৰ দায়িত্ব লয়।

অৱশ্যে ২০২১ চনত ভিভো পুনৰ আই পি এলৰ মূল স্প’নচৰ হিচাপে ঘূৰি আহে।

Related News